গুৱাহাটী,৩১ আগষ্ট: ভাৰতীয় চিকিৎসা গৱেষনা পৰিষদৰ অনুমান মতে অহা ছেপ্তেম্বৰ-অক্টোবৰত ভাৰতত কৰোনাৰ তৃতীয় ঢৌ অহাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মন্তব্য প্ৰকাশ কৰিছে ৷ যি হ'ব পূৰ্বতকৈ অধিক ভয়াবহ ৷ সেয়ে কৰ'নাৰ তৃতীয় ঢৌ সম্পৰ্কে ৰাইজৰ মাজত আৰু অধিক সজাগতা সৃষ্টি কৰাৰ বাবে বৰপেটাৰোডৰ সজাগ নাগৰিক সকলৰ তৎপৰতাত এখন সমিতি গঠন কৰা হৈছে৷ গঠন কৰা সমিতিখন এনেধৰণৰ-
১ ৷ কাৰ্যনিৰ্বাহ:কিশোৰ গােস্বামী
২ | সেৱা প্রমুখ:বিবেকানন্দ দেৱ গােস্বামী
৩ ৷ চিকিৎসক সদস্য:ডাঃ সুদর্শন দাস
৪ | খেতিয়ক সদস্য:সুধাংশু পণ্ডিত
৫৷ ব্যৱসায়ী সদস্য: ধীৰাজ দেউৰী, ভাস্কৰ নাথ
৬ | শিক্ষক সদস্য:দীনেন্দ্র শীল
৭ | সমাজকর্মী সদস্য:সন্তোষ মােদক
৮ ৷সাংবাদিক সদস্য:জয়ন্ত কুমাৰ দাস
৯ | ৰাষ্ট্ৰীয় সেৱিকা সমিতি সদস্য:অনামিকা দাস
১০। বিদ্যাভাৰতী সদস্য:মনোজ কলিতা
এই সমিতি গঠন সভাত বৰপেটা জিলা সমিতিৰ বিষয়ববীয়া ডাঃ উদয় কুমাৰ শৰ্মা আৰু চিকিৎসক সদস্য ডাঃ সুদৰ্শন দাসে কৰ'নাৰ তৃতীয় ঢৌৰ ভয়াবহতা, ৰাইজে লবলগীয়া সচেতনতা আৰু কৰণীয়ৰ ওপৰত বক্তব্য আগবঢ়ায় ৷ কাৰ্য্যবাহ কিশোৰ গোস্বামীয়ে আঁত ধৰা বৈঠকখনত সেৱা প্ৰমুখ বিবেকানন্দ দেৱ গোস্বামী আৰু সাংবাদিক সদস্য জয়ন্ত কুমাৰ দাসে সমিতিখনৰ কাৰ্য্যাৱলীৰ ওপৰত বক্তব্য ৰাখে ৷
Comments