Classifieds
View All
গুৱাহাটী,৩১ আগষ্ট:শিল্পা চেট্টী কুন্দ্ৰাই তেওঁৰ দুই সন্তানৰ সৈতে কাৰাগাৰত থকা স্বামীৰ পৰা আঁতৰত এক নতুন জীৱনৰ পৰিকল্পনা কৰিছে। অভিনেত্ৰীগৰাকীৰ এগৰাকী বন্ধুৱে কয়,"ৰাজ কুন্দ্ৰাৰ সমস্যাবোৰ আঁতৰি যোৱা নাই। ইয়াৰ বিপৰীতে প্ৰতি সপ্তাহত ই বহুগুণে বৃদ্ধি হোৱাহে দেখা পোৱা গৈছে। অশ্লীল চলচ্চিত্ৰৰ সৈতে ৰাজ কুন্দ্ৰাৰ সম্পৰ্কৰ কথা প্ৰকাশ হোৱাৰ পিছৰে পৰা শিল্পাৰ লগতে আমি সকলো আচৰিত হৈ পৰিছিলোঁ। তাইৰ কোনো ধাৰণা নাছিল যে হীৰা আৰু ধন এই জঘন্য অপৰাধৰ পৰা আহি আছিল।"
বন্ধুজনৰ মতে, শিল্পাই তেওঁৰ সন্তানক পিতৃৰ অবৈধ ধনৰ পৰা আঁতৰাই ৰাখিব বিচাৰে। বন্ধুজনে লগতে কয়, "আমি যিমান দূৰ জানো এতিয়াৰ পৰা তেওঁ কুন্দ্ৰাৰ সম্পত্তিৰ এক পইচাও স্পৰ্শ নকৰিব।তেওঁ ৰিয়েলিটি শ্ব'ৰ পৰা যথেষ্ট পৰিমাণৰ ধন উপাৰ্জন কৰে। শিল্পাই চলচ্চিত্ৰ কেইখনমানো কৰিবলৈও বাকী আছে।"
Comments