গুৱাহাটী, ৩১ আগষ্টঃ ৰে'লত ভ্ৰমণ কৰি ভাল পোৱা লোকসকলৰ বাবে এটা ভাল খবৰ। তেজছ এক্সপ্ৰেছে ৰে'ল যাত্ৰীসকলৰ বাবে এটা বিশেষ প্ৰস্তাৱ লৈ আহিছে। এতিয়াৰ পৰা আপুনি চলন্ত ৰে'লত জন্মদিন উদযাপন কৰিব পাৰিব।
দৰাচলতে, তেজছ ৰে'লৰ যাত্ৰীসকলে লাকী ড্ৰ'ৰ জৰিয়তে পুৰস্কাৰ জিকিব পাৰে আৰু তাৰ বাবে আপুনি একো কৰিব নালাগে। টিকট কিনিয়েই আপোনাৰ পুৰস্কাৰ জিকিব পাৰিব। আই আৰ চি টি চিয়ে তেজছ এক্সপ্ৰেছৰ এই প্ৰস্তাৱৰ বিষয়ে তেওঁলোকৰ অফিচিয়েল টুইটাৰ পেজত প্ৰকাশ কৰিছে।
তেজছ এক্সপ্ৰেছে যাত্ৰীসকলৰ বাবে লাকী ড্ৰ আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ ২৭ আগষ্টৰ পৰা ৬ ছেপ্টেম্বৰলৈ অব্যাহত থাকিব আৰু এই সময়ছোৱাত ভাগ্যবান যাত্ৰীসকলে এটা ডাঙৰ উপহাৰ লাভ কৰিব।
তেজছ এক্সপ্ৰেছ হৈছে আই আৰ চি টি চিৰ দ্বাৰা পৰিচালিত দেশৰ প্ৰথমখন ব্যক্তিগত ৰে'ল। এই ৰে'লখনে তেওঁলোকৰ যাত্ৰীসকলক আকৰ্ষিত কৰিবলৈ সময়ে সময়ে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে।
Comments