গুৱাহাটী ঃ ষ্টাফৰিপ’র্টাৰ, ৩১ আগষ্ট ঃ এন আৰ চিৰ প্রাক্তন ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক দুর্নীতি কৰিবলৈ সুবিধা কৰি দিছিল উচচতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে৷ সেই সুবিধা লৈয়ে হাজেলাই এন আৰ চি উন্নীতকৰণৰ নামত ৩৬০ কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰিবলৈ সক্ষম হৈছিল৷ সেয়েহে, হাজেলাই সংঘটিত কৰা এই কেলেংকাৰিৰ সবিশেষ তথ্যসহ গুৱাহাটী উচচ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত এখন আৱেদন দাখিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে আছাম পাব্লিক ৱর্কছে৷ ৰাষ্ট্রীয় নাগৰিকপঞ্জী,
অর্থাৎ এন আৰ চি প্রকাশৰ দুটা বর্ষ সম্পূর্ণ হোৱাৰ দিনাই আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্রকাশ কৰি পাব্লিক ৱর্কছৰ সভাপতি অভিজিত শর্মাই কয় যে প্রাক্তন ন্যায়াধীশজনে যদি হাজেলাকে সকলো দায়িত্ব ন্যস্ত নকৰিলেহেঁতেন, তেনেহ’লে অসমৰ ৰাইজে এখন শুদ্ধ নাগৰিকপঞ্জী লাভ কৰিলেহেঁতেন আৰু বৃহৎ দুর্নীতিও সংঘটিত নহ’লহেঁতেন৷ আনহাতে, হাজেলাই সংঘটিত কৰা দুর্নীতিত প্রাক্তন ন্যায়াধীশজন জড়িত হৈ আছে নে নাই সেয়া তদন্ত কৰিলেই ওলাই পৰিব বুলি জনাই শর্মাই কয় যে যিহেতু হাজেলাক দুর্নীতি কৰিবলৈ গগৈয়ে সুবিধা কৰি দিছিল সেয়েহে এই ক্ষেত্রত এটা প্রশ্নবোধক চিন ৰৈ যায়৷
কিন্তু এটা কথা এশ শতাংশ সত্য যে প্রাক্তন ন্যায়াধীশজনৰ ভুলৰ বাবেই অসমৰ ৰাইজে এখন বিসংগতিপূর্ণ এন আৰ চি লাভ কৰিলে৷ আনহাতে, এন আৰ চি লাহে লাহে বগা হাতীলৈ পৰিণত হোৱা বুলি মত প্রকাশ কৰি শর্মাই জনায় যে অডিটৰ জেনেৰেলৰ প্রতিবেদনত এন আৰ চিত ৩৬০ কোটি টকাৰ ভয়ংকৰ বিসংগতিৰ তথ্য প্রকাশ পাইছিল৷ এই সন্দর্ভত এ পি ডব্লিউ-এ তৰা এটা গোচৰৰ প্রাথমিক তথ্য শুদ্ধ পাই হাজেলাৰ বিৰুদ্ধে তদন্ত কৰি গোচৰ চলোৱাৰ অনুমতি বিচাৰি অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাই গৃহ বিভাগলৈ প্রেৰণ কৰা এটা ফাইল ছমাহ পৰি আছে৷
গৃহ বিভাগত থকা হাজেলাৰ ঘনিষ্ঠ আমোলাসকলে উক্ত ফাইলটো গাপ দি ৰখা বুলি জনাই শর্মাই স্পষ্টভাৱে কয় যে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো বিষয়টোত গুৰুত্ব দিয়া উচিত৷ ইফালে, ডাটা এণ্ট্রি অপাৰেটৰ নিযুক্তি আৰু বেতন দিয়াৰ নামত ১৫৫.৮৩ কোটি আৰু জেনেৰেটৰ ক্রয় কৰাৰ নামতো ২১.০৬ কোটি টকাৰ অনিয়ম হোৱা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এই সকলো বিষয় সামৰি গুৱাহাটী উচচ ন্যায়ালয়ত আমি আৱেদন দাখিল কৰিম যাতে উক্ত অনিয়মৰ সৈতে জড়িত হৈ থকাসকলৰ বিৰুদ্ধে তদন্ত হয়৷
ইফালে, এন আৰ চিৰ গোচৰটোৰ মূল গুচৰীয়া শর্মাই লগতে জনায় যে প্রকাশিত এন আৰ চিখনৰ এশ শতাংশ পুনৰীক্ষণৰ বাবে আমি এতিয়ালৈকে বহুকেইখন শপতনামা উচচতম ন্যায়ালয়ত দাখিল কৰিছোঁ৷ আশা কৰিছোঁ কৰ’নাই সৃষ্টি কৰা পৰিস্থিতি শাম কাটিলেই ন্যায়ালয়ে শুনানি গ্রহণ কৰিব৷ প্রকাশিত নাগৰিকপঞ্জীখনত প্রায় ৮০ লাখ অবৈধ বিদেশীৰ নাম অন্তর্ভুক্ত হৈ থকা বুলি শর্মাই লগতে কয় যে উক্ত লোকসকলক সুৰক্ষা দিয়া নেতাসকলেই এতিয়া নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ বিৰোধিতা কৰি আহিছে৷ সমগ্র অসমতে নহয়,
ৰাজ্যৰ ২০খন জিলা ক্রমে ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, দক্ষিণ শালমাৰা, গোৱালপাৰা, নলবাৰী, বৰপেটা, কামৰূপ গ্রাম্য, কামৰূপ মহানগৰ, ওদালগুৰি, দৰং, শোণিতপুৰ, লখিমপুৰ, নগাঁও, মৰিগাঁও, হোজাই, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত এশ শতাংশ পুনৰীক্ষণ কৰিলেই অসমৰ ৰাইজে এখন শুদ্ধ নাগৰিকপঞ্জী লাভ কৰিব বুলি আশা প্রকাশ কৰি শর্মাই কয় যে আমি আশাবাদী এদিন হ’লেও অসমৰ ৰাইজে এখন শুদ্ধ নাগৰিকপঞ্জী লাভ কৰিবই৷
Comments