নতুন দিল্লী, ৩১ আগষ্ট ঃ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই মঙলবাৰে পুৱা তিনিগৰাকী মহিলাকে ধৰি উচচতম ন্যায়ালয়ৰ নজন নতুন ন্যায়াধীশক শপত গ্রহণ কৰোৱায়৷ উচচতম ন্যায়ালয়ৰ ইতিহাসত এই প্রথমবাৰ একেলগে নজন ন্যায়াধীশে শপত গ্রহণ কৰিলে৷ উচচতম ন্যায়ালয়ৰ অতিৰিক্ত ভৱনত আয়োজিত এক শপত গ্রহণ অনুষ্ঠানত মুখ্য ন্যায়াধীশ ৰামানাই ন্যায়াধীশসকলক শপত লোৱায়৷
এইকেইজন ন্যায়াধীশে শপত গ্রহণ কৰাৰ পাছত উচচতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ৩৩গৰাকীলৈ বৃদ্ধি পালে আৰু মুখ্য ন্যায়াধীশকে ধৰি ৩৪জন হ’ল৷ দুবছৰ অচলাৱস্থাৰ পাছত উচচতম ন্যায়ালয়ৰ কলেজিয়ামে এই নজন ন্যায়াধীশৰ নামত অনুমোদন জনাই কেন্দ্রীয় চৰকাৰলৈ পঠিওৱাৰ এসপ্তাহৰ পাছত চৰকাৰে এইকেইজনৰ নিয়োগত সন্মতি দিয়ে৷ এই তালিকাত ২০২৭ চনত ভাৰতৰ প্রথম মহিলা মুখ্য ন্যায়াধীশ হ’ব পৰা ন্যায়াধীশ বি ভি নাগৰত্নাৰ সৈতে তিনিগৰাকী মহিলাৰ নাম আছে৷ ন্যায়াধীশ ওকা এইসকলৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠ৷
জ্যেষ্ঠতাৰ ক্রম অনুসৰি তালিকাৰ অন্য ন্যায়াধীশসকল হৈছে –গুজৰাট উচচ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিক্রম নাথ, চিকিম উচচ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জে কে মহেশ্বৰী, তেলেংগানা উচচ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিমা কোহলী, কর্ণাটক উচচ ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগৰত্না, কেৰালা উচচ ন্যায়ালয়ৰ চি টি ৰবিকুমাৰ, মাদ্রাজ উচচ ন্যায়ালয়ৰ এম এম সুন্দৰেশ, গুজৰাট উচচ ন্যায়ালয়ৰ বেলা ত্রিবেদী আৰু জ্যেষ্ঠ অধিবক্তা পি এছ নৰসিংহ৷ ভাৰতৰ মুখ্য ন্যায়াধীশৰ পদবীৰ বাবে উত্তৰাধিকাৰীৰ ক্রমত থাকিব ন্যায়াধীশ নাথ, নাগৰত্না আৰু চানত জ্যেষ্ঠ অধিবক্তা নৰসিংহ৷
Comments