গুৱাহাটী, ১ ছেপ্টেম্বৰঃ আফগানিস্তানৰ অৱস্থা লাহে লাহে দুৰ্দিনলৈ গতি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই আফগানিস্তানৰ পৰা প্ৰস্থান কৰাৰ পিছতে, তালিবান আৰু অধিক হিংস্র হৈ পৰিছে। তালিবানীসকলে ঘৰে ঘৰে তালাচী অভিযান চলাই নিৰ্মমভাৱে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছে। লগতে আমেৰিকাৰ প্ৰতি সহানুভূতিশীল বুলি সন্দেহ কৰা লোকসকলক গুলীয়াই হত্যা কৰা দেখা হৈছে। বহুতো লোকক শাস্তি হিচাপে তেওঁলোকৰ জিভা কাটি পেলোৱাৰ দৰে নিকৃষ্ট কাণ্ড চলাই আছে।
ইফালে, আফগানিস্তানলৈ বিদেশী পূঁজি অহা বন্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ অৱস্থা অধিক বেয়া হৈ পৰিছে। বিগত ১৫ দিনত আফগানিস্তানৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংসৰ গড়াহলৈ গতি কৰিছে। জনসাধাৰণে প্ৰাণৰ তাৰনাত দেশৰ পৰা পলায়ন কৰিছে আৰু যিসকলৰ বেংকত ধন আছিল তেওঁলোকে সেই ধনৰাশি উলিয়াব পৰা নাই কিয়নো বেংকবোৰ দুসপ্তাহৰ বাবে বন্ধ হৈ আছে।
আফগানিস্তানৰ চৰকাৰী কৰ্মচাৰী সকলক বিগত ৪ মাহ ধৰি কোনো ধৰণৰ বেতন পৰিশোধ কৰা হোৱা নাই। ইপিনে, ৰাষ্ট্ৰসংঘৰ স্থানীয় মানৱতাবাদী সমন্বয়ক ৰমিজ আলকাব্ৰোভে কয় যে, "আফগানিস্তানৰ জনসাধাৰণ সম্পূৰ্ণ ধ্বংসৰ গৰাহত। বৰ্তমান দেশখনত অৰ্থনৈতিক অৱস্থা সুস্থিৰ কৰিবলৈ ১.৩ বিলিয়ন আমেৰিকান ডলাৰৰ প্ৰয়োজন হ'ব, যাৰ ভিতৰত কেৱল মাত্ৰ ৩৯ শতাংশহে লাভ কৰা হৈছে।
দেশখনৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত তালিবানে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰৰ ফলত পশ্চিমীয়া দেশসমূহে কিছু লাভজনক স্থিতিত থাকিব পাৰে। পশ্চিমীয়া দেশবোৰে তালিবানক বিনামূলীয়া ভ্ৰমণৰ অনুমতি দিবলৈ, এক অন্তৰ্ভুক্ত চৰকাৰ গঠন কৰিবলৈ আৰু মহিলাক সম্পূৰ্ণ অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰিবলৈ হেঁচা দিব পাৰে।"
Comments