গুৱাহাটী, ১ ছেপ্টেম্বৰঃ ভৱিষ্যতে পৃথিৱীক সৌৰ ধুমুহাই আঘাত কৰিব পাৰে, যাৰ ফলত সমগ্ৰ বিশ্বতে ইণ্টাৰনেট সেৱা স্থবিৰ হৈ পৰিব পাৰে। যদিহে এনে হয়, তেন্তে বিভিন্ন দেশৰ অৰ্থনীতি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিব আৰু বহুতো দেশ সম্পূৰ্ণৰূপে দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব। কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই ভয়াবহ সতৰ্কবাণী কৰিছে।
কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত সৌৰ ধুমুহাৰ ওপৰত অধ্যয়ন কৰি থকা ভাৰতীয় মূলৰ জীয়ৰী তথা গৱেষক সংগীতা আব্দু জ্যোতিয়ে প্ৰকাশ কৰিছে যে, "ভৱিষ্যতে পৃথিৱীত এক প্ৰলয়ংকৰী সৌৰ ধুমুহা আহিব, যাৰ ফলত সমগ্র বিশ্বতে ইণ্টাৰনেট সেৱা স্থবিৰ হৈ পৰিব।
অধ্যয়নত প্ৰকাশ কৰা তথ্য অনুসৰি, সৌৰ ধুমুহাই সাগৰত বিয়পি থকা ইণ্টাৰনেটৰ তাঁৰবোৰক প্ৰভাৱিত কৰিব পাৰে। এই তাঁৰবোৰে পৃথিৱীৰ বিভিন্ন দেশক সংযোগ কৰে। বৰ্তমান সময়ত ইন্টাৰনেটৰ প্ৰবাহ অব্যাহত ৰাখিবলৈ এই সাগৰীয় তাঁৰবোৰত ৰিপিটাৰ লগোৱা হয়। যি সৌৰ ধুমুহাৰ প্ৰতি অত্যন্ত সংবেদনশীল।
গৱেষক সংগীতা জ্যোতিয়ে কৈছে যে আটাইতকৈ ডাঙৰ বিপদজনক কথাটো হ'ল যে, সৌৰ ধুমুহা আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে বিজ্ঞানীসকলৰ ওচৰত খুব কম তথ্য আছে। গতিকে আমি অনুমান কৰিব নোৱাৰো যে লোকচান কিমান হ'ব পাৰে। পৃথিৱীত আটাইতকৈ প্ৰলয়ংকৰী সৌৰ ধুমুহা ১৮৫৯, ১৯২১ আৰু ১৯৮৯ চনত আহিছিল। যাৰ ফলত বহুতো দেশত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছিল। পাৱাৰ গ্ৰিডবোৰো বিফল হৈ পৰিছিল। বহুতো ঠাইত ঘন্টাৰ পিছত ঘণ্টা ধৰি অন্ধকাৰত কটাব লগীয়া হৈছিল।
Comments