গুৱাহাটী, ১ ছেপ্টেম্বৰঃ বহুলোকে হাত আৰু ভৰি বা শৰীৰৰ বিভিন্ন অংশত জ্বলা-পোৰাৰ সমস্যাত ভোগা দেখা যায়। এই সমস্যা যিকোনো সময়তে হ'ব পাৰে, লগতে ইয়াৰ কাৰণ বহুতো হ'ব পাৰে। কেতিয়াবা এই সমস্যা বৰ্ধিত ৰক্ত শৰ্কৰা, স্নায়ুৰোগ, শৰীৰত বিষাক্ত উপাদানৰ বৃদ্ধি নাইবা পিত্ত বা শৰীৰৰ এচিডৰ মাত্ৰাৰ পৰিমাণ বৃদ্ধিৰ ফলত হয়। কেৱল সেয়াই নহয়, কেতিয়াবা অত্যাধিক নিমখ সেৱন কৰিলে শৰীৰত জ্বলা-পোৰা কৰা আৰম্ভ হয়।
শৰীৰৰ জ্বলা-পোৰা সমস্যাৰ পৰা সকাহ পাবলৈ গ্ৰহণ কৰক নিম্নলিখিত উপায়সমূহঃ
১. পানীলাউৰ ৰস
পানীলাউৰ ৰসত বিভিন্ন প্ৰ'টিন, ভিটামিন আৰু খনিজ উপাদান পোৱা যায়। ইয়াত ভিটামিন এ, ভিটামিন চি, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, পটাছিয়াম আৰু জিংক থাকে। যি ৰক্ত শৰ্কাৰৰ বৰ্ধিত স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু আন বহুতো ৰোগ প্ৰতিৰোধ কৰে।
২. ৰঙালাওৰ ৰস
এইটো অলপ আচৰিত লাগিব পাৰে যে ৰঙালাওৰ ৰসে জ্বলা-পোৰাৰ সমস্যা কিদৰে আঁতৰ কৰিব পাৰে। কিন্তু এইটো সঁচা। ৰঙালাওৰ ৰসত ভিটামিন বি ১, বি ২, বি ৬, চি, ভিটামিন ই আৰু বিটা কেৰোটিন থাকে। ৰঙালাওৰ ৰসত কাৰ্বোহাইড্ৰেট আৰু প্ৰ'টিনৰ মাত্ৰা সৰ্বাধিক স্তৰত পোৱা যায়। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাৰ লগতে বহুতো ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
৩. কোমোৰাৰ ৰস
কোমোৰা যথেষ্ট পৰিমাণত পুষ্টিকৰ উপাদান পোৱা যায়। ইয়াত কেলচিয়াম, ছডিয়াম, জিংক, আইৰণ, ফছফৰাছ, মেঙ্গানিজ, মেগনেছিয়াম, চেলেনিয়াম আৰু পটাছিয়ামৰ লগতে ভিটামিন বি ১ আৰু বি ৩ আদি বিভিন্ন খনিজ পদাৰ্থও অন্তৰ্ভুক্ত থাকে। পটাছিয়ামে উচ্চ ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণ কৰে। লগতে ই শৰীৰৰ বিভিন্ন অংশৰ জ্বলা-পোৰা সমস্যাৰ পৰাও সকাহ দিয়ে।
৪. আলুৰ ৰস
আলুক সাধাৰণতে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি কোৱা হয়, কিন্তু আলু শৰীৰৰ জ্বলা-পোৰা সমস্যা হ্ৰাস কৰাত অতিকৈ কাৰ্যকৰী। সেয়েহে শৰীৰৰ যিকোনো অংশত এনে সমস্যাৰ বাবে আলুৰ ৰস সেৱন কৰিব পাৰে।
৫. নিম পাত
বীজাণুনাশক গুণাগুণেৰে সমৃদ্ধ নিম পাত শৰীৰৰ পৰা বীজাণু দূৰ কৰাৰ লগতে জ্বলা-পোৰা সমস্যা যথেষ্ট পৰিমাণে হ্ৰাস কৰে। ইয়াৰ বাবে, ৰাতিপুৱা অলপ নিম পাত পিহি ইয়াৰ ৰস সেৱন কৰিব পাৰে।
৬. চজিনাৰ ৰস
ভিটামিন চি, এ আৰু কেলচিয়ামৰ উপাদানেৰে সমৃদ্ধ চজিনাত সকলো অত্যাৱশ্যকীয় পুষ্টি থাকে। ই প্ৰ'টিন, পটাছিয়াম, আইৰণ, মেগনেছিয়াম আৰু ভিটামিন বি কমপ্লেক্স উপাদানেৰে সমৃদ্ধ। চজিনাৰ কলি আৰু পাতো যথেষ্ট কাৰ্যকৰী হ'ব পাৰে। জ্বলা-পোৰা সমস্যা হ্ৰাস কৰিবলৈ আমলখি, এলো ভেৰা, তুলসী, নিম পাত হালধিৰ লগতে চজিনাৰ ৰসো খাব পাৰে।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগ্ৰীহিত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।
Comments
পৃথিৱীক আঘাত কৰিব পাৰে বিপদজনক সৌৰ ধুমুহাই; ইণ্টাৰনেট সেৱা হৈ পৰিব পাৰে স্থবিৰ
Published on September 1, 2021|News Source : অৰূপ ডেকা
কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত সৌৰ ধুমুহাৰ ওপৰত অধ্যয়ন কৰি থকা ভাৰতীয় মূলৰ জীয়ৰী তথা গৱেষক সংগীতা আব্দু জ্যোতিয়ে প্ৰকাশ কৰিছে যে, "ভৱিষ্যতে পৃথিৱীত এক প্ৰলয়ংকৰী সৌৰ ধুমুহা আহিব, যাৰ ফলত সমগ্র বিশ্বতে ইণ্টাৰনেট সেৱা স্থবিৰ হৈ পৰিব।
গৱেষক সংগীতা জ্যোতিয়ে কৈছে যে আটাইতকৈ ডাঙৰ বিপদজনক কথাটো হ'ল যে, সৌৰ ধুমুহা আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে বিজ্ঞানীসকলৰ ওচৰত খুব কম তথ্য আছে। গতিকে আমি অনুমান কৰিব নোৱাৰো যে লোকচান কিমান হ'ব পাৰে। পৃথিৱীত আটাইতকৈ প্ৰলয়ংকৰী সৌৰ ধুমুহা ১৮৫৯, ১৯২১ আৰু ১৯৮৯ চনত আহিছিল। যাৰ ফলত বহুতো দেশত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছিল। পাৱাৰ গ্ৰিডবোৰো বিফল হৈ পৰিছিল। বহুতো ঠাইত ঘন্টাৰ পিছত ঘণ্টা ধৰি অন্ধকাৰত কটাব লগীয়া হৈছিল।