Classifieds
View All
গুৱাহাটী,১ ছেপ্টেম্বৰ:ভাৰতে কৌশলগত ভাৱে লাডাখত বিশ্বৰ আটাইতকৈ ওখ পথটো নিৰ্মাণ কৰিছে। প্ৰায় ১৯,৩০০ ফুট উচ্চতাত নিৰ্মাণ কৰা এই পথটোৱে লেহৰ পৰা চীন সীমান্তত থকা পাংগং হ্ৰদলৈ দূৰত্ব ৪১ কিলোমিটাৰলৈকে হ্ৰাস কৰিব। ৰাস্তাটো সাধাৰণ মানুহৰ বাবে মুকলি কৰা হৈছে।
এই ৰাস্তাটো মঙলবাৰে লাডাখৰ বিজেপি সাংসদ জাময়াং চেৰিং নামগিয়ালে উদ্বোধন কৰিছিল। নামগিয়ালে কৈছিল যে পথটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু লগতে পৰ্যটনৰ দৃষ্টিকোণৰ পৰা অতি দৃষ্টিনন্দনীয়। ১৯,৩০০ ফুট উচ্চতাত গাড়ী চলোৱা এইটো বিশ্বৰ আটাইতকৈ ওখ পথ হ'ব। এতিয়ালৈকে, খাৰদুংলা পাছ আছিল ১৮,৩৮০ ফুট উচ্চতাত থকা পৃথিৱীৰ আটাইতকৈ ওখ পথ।
Comments