গুৱাহাটী, ১ ছেপ্টেম্বৰঃ প্ৰতিটো ঘৰৰে পাকঘৰত থকা এলুমিনিয়ামৰ বাচনবোৰ ৰন্ধা-বঢ়া কৰাৰ ফলত ক'লা ৰঙলৈ পৰিৱৰ্তিত হয়, তেতিয়া সেইবোৰ পৰিস্কাৰ কৰিবলৈ যথেষ্ট সমস্যা হোৱা দেখা যায়। বিশেষকৈ এলুমিনিয়ামৰ প্ৰেচাৰ কুকাৰবোৰ প্ৰতিদিনে ভাত ৰন্ধাৰ সময়ত ক'লা হৈ লেতেৰা হৈ পৰে।
এই ক'লা ৰঙবোৰ আঁতৰ কৰিবলৈ গ্ৰহণ কৰক নিম্নলিখিত সৰল আৰু সহজ উপায়সমূহঃ
১. নেমু আৰু নিমখৰ মিশ্ৰণ
যদি চাহ বনোৱা চচপেনৰ ভিতৰভাগ ক'লা হৈ গৈছে, তেতিয়া পানীৰে ভৰাই গেছত ৰাখক আৰু গেছ জ্বলাওক। তাৰ পিছত যেতিয়া পানী উতলিবলৈ আৰম্ভ কৰে, তেতিয়া নেমু আৰু এক চামুচ নিমখ যোগ দিয়ক। পানীখিনি ভালদৰে উতলিবলৈ দিয়ক। ইয়াৰ ফলত লাহে লাহে ভিতৰৰ ক'লা ৰঙবোৰ আঁতৰ হৈ পৰিব। যদি চচপেনটো তলৰ ফালৰ পৰা জ্বলি ক'লা ৰঙৰ হয়, তেন্তে একেটা পদ্ধতি অৱলম্বন কৰক।
২. কাষ্টিং চডা (ছডিয়াম হাইড্ৰ'ক্সাইড)
কাষ্টিং চডা বজাৰত সহজতে পোৱা যায়। এটা ডাঙৰ পাত্ৰত লৈ পানী উতলাওক আৰু এবাটি কাষ্টিং চডা যোগ দিয়ক আৰু ভিতৰৰ ক'লা ৰঙবোৰত লগাকৈ সম্পূৰ্ণৰূপে লৰাই দিয়ক। ইয়াৰ ফলত দেখিব যে লাহে লাহে ক'লা ৰঙবোৰ আঁতৰি আহিব। এতিয়া এজোৰ হাতমোজা পিন্ধি পুৰণি টুথব্ৰাছেৰে ক'লা ৰঙবোৰ ঘঁহিবলৈ আৰম্ভ কৰক।
৩. বেকিং চডা আৰু ডিটাৰ্জেণ্ট পাউডাৰ
এটা ডাঙৰ পাত্ৰত পানী উতলাওক আৰু বেকিং চডা আৰু ডিটাৰ্জেণ্ট পাউডাৰ যোগ দিয়ক আৰু চচপেনটো সম্পূৰ্ণৰূপে ডুবাই দিয়ক। ইয়াক কমেও দহ মিনিটৰ বাবে এনেদৰে ৰাখক আৰু তাৰ পিছত লাহে লাহে ঘঁহি দিয়ক। ইয়াৰ ক'লা আৰু পোৰা অংশবোৰ লাহে লাহে পৃথক হ'বলৈ আৰম্ভ কৰিব।
৪. ভিনেগাৰ আৰু নেমু
বগা ভিনেগাৰ হৈছে এক প্ৰাকৃতিক চাফাই উপাদান। ইয়াৰ ব্যৱহাৰে বাচন-বৰ্তনৰ তেলীয়া পদাৰ্থ আৰু ময়লা আঁতৰ কৰে। ইয়াৰ বাবে এটা ডাঙৰ পাত্ৰত পানী উতলাব লাগিব। তাৰ পিছত নেমু আৰু একাপ ভিনেগাৰ যোগ দি আৰু বাচনবোৰ ডুবাই ৰাখক। এতিয়া বাচন ধোঁৱা জাবৰেৰে ক'লা আৰু পোৰা অংশখিনি ভালদৰে ঘঁহি দিয়ক। ই ক'লা, পোৰা অংশ আঁতৰ কৰিব। লগতে কোণবোৰত থকা লেতেৰা পদাৰ্থবোৰ আঁতৰাবলৈ পুৰণি টুথব্ৰাছৰ সহায় ল'ব পাৰে।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগ্ৰীহিত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।
Comments