গুৱাহাটী, ১ ছেপ্টেম্বৰঃ ফ্ৰণ্টলাইন জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু গৱেষণা সংস্থা আৰণ্যকে বুধবাৰে ৰাজ্যৰ বন বিভাগৰ সৈতে সমন্বয় ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষণ (কেএনপি এণ্ড টিআৰ)ৰ অধীনত বিশ্বনাথ বন্যপ্ৰাণী বিভাগৰ অধীনত নিয়োজিত হৈ থকা ৫০ জন বান স্বেচ্ছাসেৱকক টৰ্চ লাইট আৰু ৰেইনকোট প্ৰদান কৰে।
উক্ত সামগ্ৰীখিনি ডেভিড শ্বেফৰ্ড ৱাইল্ডলাইফ ফাউণ্ডেচনৰ (ডিএছডব্লিউএফ) পৃষ্ঠপোষকতাত প্ৰদান কৰা হয়।
ইপিনে, আৰণ্যকৰ ৰাইনো ৰিচাৰ্ছ এণ্ড কনজাৰ্ভেচন ডিভিজনৰ (আৰআৰচিডি) মেনেজাৰ আৰিফ হুছেইনৰ অধীনত ডিএফঅ', বিশ্বনাথ বন্যপ্ৰাণী বিভাগৰ কাৰ্যালয়ত বন বিভাগ আৰু স্থানীয় সংৰক্ষণ বেচৰকাৰী সংগঠনসমূহৰ সৈতে সমন্বয় ৰাখি উক্ত সামগ্ৰীসমূহৰ বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল।
উক্ত অনুষ্ঠানত বিশ্বনাথ বন্যপ্ৰাণী বিভাগৰ বন বিষয়া কৈনক বৈশ্য, কুসুমতুলা ৰেঞ্জৰ বিষয়া দেৱজিৎ শইকীয়া, গাহিগাঁও ৰেঞ্জৰ বিষয়া ড০ প্ৰাঞ্জল গগৈ, বিশ্বনাথ কেন্দ্ৰীয় ৰেঞ্জৰ বিষয়া ইকবাল হুছেইন, সাংবাদিক স্বপন নাথ, সভাপতি চৈদুৰ ৰহমান, স্থানীয় বনসংৰক্ষক বাবুলি হাজৰিকা উপস্থিত থাকে।
Comments