Classifieds
View All
গুৱাহাটী, ২ ছেপ্টেম্বৰঃ বিগ বছ ১৩ বিজয়ী সিদ্ধাৰ্থ শুক্লাৰ বৃহস্পতিবাৰে পুৱা হঠাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মুম্বাইৰ কুপাৰ চিকিৎসালয়ে ইতিমধ্যে তেওঁৰ মৃত্যু নিশ্চিত কৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪০ বছৰ।
চিকিৎসালয়ৰ পৰা জানিব পৰা অনুসৰি, তেওঁ শোৱাৰ আগতে কিছু ঔষধ গ্ৰহণ কৰিছিল আৰু সাৰ পুৱা পোৱা নাছিল। পিছত, ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
বৰ্তমান অভিনেতা গৰাকীৰ মৰণোত্তৰ পৰীক্ষা চলি আছে আৰু শীঘ্ৰেই মৃতদেহটো পৰিয়ালবৰ্গলৈ হস্তান্তৰ কৰি দিয়া হ'ব।
সিদ্ধাৰ্থ শুক্লাই এগৰাকী মডেল আৰু অভিনেতা হিচাপে কেইবাখনো ধাৰাবাহিকত সুন্দৰ অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল।
Comments