গুৱাহাটী,২ ছেপ্টেম্বৰ:অভিনেতা তথা বিগ বছ ১৩ বিজয়ী সিদ্ধাৰ্থ শুক্লাৰ বৃহস্পতিবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মুম্বাইৰ কুপাৰ চিকিৎসালয়ে সিদ্ধাৰ্থৰ মৃত্যু নিশ্চিত কৰিছে। তেওঁৰ আকস্মিক মৃত্যুত সমগ্ৰ বলীউড আৰু ধাৰাবাহিকৰ পৰিয়াল শোক প্ৰকাশ কৰিছে। সকলো অভিনেতা আৰু অভিনেত্ৰীয়ে সিদ্ধাৰ্থ শুক্লাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
সিদ্ধাৰ্থ আৰু তেওঁৰ প্ৰেয়সী শ্বেহনাজ গিলক একেলগে 'বিছ বছ অ'টিটি (Bigg Boss OTT)ত শেষবাৰৰ বাবে দেখা গৈছিল। অনুষ্ঠানটোৰ সঞ্চালক কৰণ জোহৰৰ সন্মুখত সিদ্ধাৰ্থ শুক্লাই কৈছে যে তেওঁ আৰু শ্বাহনাজ ৰ সম্পৰ্ক আছে।
'বিছ বছ অ'টিটি (Bigg Boss OTT)'ৰ 'ছানডে কা ৱাৰ'ত প্ৰেমিক যুগলে এক ভাল সময় অতিবাহিত কৰিছে। অনুষ্ঠানটোৰ সঞ্চালক কৰণ জোহৰে দুয়োজনৰ মাজৰ সম্পৰ্কক লৈ কেইবাটাও প্ৰশ্ন সুধিছিল। কৰণে সিদ্ধাৰ্থক সুধিছিল যে তেওঁ আৰু শ্বাহনাজ গিল সম্পৰ্কত আছে নেকি। যাৰ উত্তৰত চিডে হয় বুলি কৈছিল, আমি আছো। শ্বাহনাজে সিদ্ধাৰ্থৰ উত্তৰত হয় বুলি কৈছিল। সিদ্ধাৰ্থই এইটোও কৈছিল যে আজিকালি সংবাদ মাধ্যমত আমাৰ দুয়োৰে বিষয়ে বহুতো উল্টা পুল্টা কৈ আছে যাৰ কোনো সত্যতা নাই।
বিগ বছ আৰু খতৰো কে খিলাড়ী বিজয়ী আছিল সিদ্ধাৰ্থ:
টিভি উদ্যোগৰ ডাঙৰ নাম সিদ্ধাৰ্থ শুক্লাই ৰিয়েলিটি শ্ব' বিগ বছৰ-১৩ৰ বিজয়ী হোৱাৰ উপৰিও খতৰো কে খিলাড়ীৰ সপ্তম চিজন জিকিছিল।
Comments