ঢাকা-ইছলামাবাদ, ১ ছেপ্টেম্বৰ ঃ এগৰাকী বাংলাদেশী ভেক৲চিন বিজ্ঞানী আৰু এজন পাকিস্তানী মাইক্র’ফাইনেন্সিয়াৰকে ধৰি পাঁচজন ব্যক্তিলৈ এই বছৰৰ ৰমন মেগছেছে বঁটা আগবঢ়োৱা হৈছে৷ এই বঁটাক এছিয়াৰ নোবেল বঁটা বুলি গণ্য কৰা হয়৷ কালি এই বঁটা ঘোষণা কৰা হয়৷ বঁটা লাভ কৰোঁতাসকল ক্রমে বাংলাদেশৰ ভেক৲চিন বিজ্ঞানী ড০ ফিৰদৌছি কাদ্রি (মহিলা), পাকিস্তানৰ মাইক্র’ফাইনেন্সৰ বাটকটীয়া মহম্মদ আমজাক ছাকিব (প্রথম পিঠিৰ ফটোত), ফিলিপাইনৰ পৰিৱেশবিদ ৰবার্ট বালন,
আমেৰিকাৰ ষ্টিভেন মাঞ্চি (মানৱীয় কাম আৰু শৰণার্থী সাহায্য) আৰু ইণ্ডোনেছিয়াৰ অনুসন্ধানমূলক সাংবাদিকতাৰ বাটকটীয়া ‘ৱাট৲চডগ’৷ বাংলাদেশৰ ড০ কাদ্রিয়ে ইউ কেৰ লিভাৰপুল ইউনিভার্ছিটিৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰাৰ পাছত ১৯৮৮ চনত ঢাকাস্থিত ‘ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ডায়েৰিয়েল ডিজিজ ৰিছার্চ, বাংলাদেশ’ত যোগ দিয়ে৷ তেওঁ প্রাপ্তবয়স্ক, শিশু আৰু কেঁচুৱাৰ বাবে কলেৰা আৰু টায়ফয়ডৰ অৰেল ভেক৲চিন উদ্ভাৱন কৰিছিল৷ ২৮ নৱেম্বৰত মেনিলাত বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হ’ব৷
Comments