Classifieds
View All
গুৱাহাটী, ২ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ভক্তিবেদান্ত স্বামীৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে এক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ১২৫ টকাৰ এক বিশেষ স্মাৰক মুদ্ৰা মুকলি কৰে।
ভক্তিবেদান্ত স্বামীয়ে আন্তৰাষ্ট্ৰীয় কৃষ্ণ চেতনা সমাজৰ (ইস্কন) প্ৰতিষ্ঠা কৰিছিল যাক সাধাৰণতে "হৰে কৃষ্ণ আন্দোলন" বুলি জনা যায়। ইস্কনে শ্ৰীমদ ভগৱৎ গীতা আৰু অন্যান্য বৈদিক সাহিত্যক ৮৯ টা ভাষালৈ অনুবাদ কৰিছে, যি সমগ্ৰ বিশ্বত বৈদিক সাহিত্যৰ প্ৰচাৰত এক বিশেষ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে।
তেওঁ এশৰো অধিক মন্দিৰ স্থাপন কৰাৰ লগতে বিশ্বৰ বাবে ভক্তি যোগৰ পথৰ অনুসৰণ কৰায়, কেইবাখনো কিতাপ লিখিছিল। আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰা ১২৫ টকীয়া স্মাৰক মুদ্রা উন্মোচন অনুষ্ঠানত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী জি কিষাণ ৰেড্ডীও উপস্থিত থাকে।
Comments