গুৱাহাটী, ২ ছেপ্টেম্বৰঃ অনলাইন মাধ্যমেৰে খাদ্য বিতৰণ কৰা প্লেটফৰ্ম 'ছুইগি'ৰ এজন খাদ্য বিতৰণ কৰা কৰ্মচাৰীয়ে এখন ৰেষ্টুৰেণ্টৰ মালিকে খাদ্যৰ অৰ্ডাৰ দিওতে পলম কৰাত গুলীয়াই হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হৈছে।
ঘটনা অনুসৰি, যেতিয়া খাদ্য বিতৰণ কৰা ছুইগিৰ কৰ্মচাৰীজনে অৰ্ডাৰ দিয়া খাদ্য সামগ্ৰীখিনি ল'বলৈ ৰেষ্টুৰেণ্টখনত উপস্থিত হৈছিল, তেতিয়া ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীসকলে তেওঁক কৈছিল যে, " সামগ্ৰীবোৰৰ এটাহে প্ৰস্তুত কৰা হৈছে আৰু বাকীটো প্ৰস্তুত কৰালৈ কিছু সময় লাগিব।" তাৰ পিছত খাদ্য বিতৰণ কৰা কৰ্মচাৰীজনে ৰেষ্টুৰেন্টৰ কৰ্মচাৰীৰ সৈতে তীব্র বাক-বিতণ্ডাত লিপ্ত হয়।
ইপিনে, সুনীল আগৰৱালা নামৰ ৰেষ্টুৰেণ্টৰ মালিকজনে মধ্যস্থতাকাৰী হিচাপে কাজিয়া ভাঙিবলৈ চেষ্টা চলোৱাৰ পৰিপ্ৰেক্ষিতত খাদ্য বিতৰণকাৰীজনে সুনীলক গুলীয়াই সেই স্থানৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত ৰেষ্টুৰেণ্টৰ গৰাকীজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
বৰ্তমান আৰক্ষীয়ে উক্ত খাদ্য বিতৰণকাৰী কৰ্মচাৰীজনক বিচাৰি উলিয়াবলৈ তিনিটা দল গঠন কৰি অনুসন্ধান অব্যাহত ৰাখিছে বুলি জেষ্ঠ্য বিষয়া এগৰাকীয়ে জানিবলৈ দিয়ে।
Comments