Classifieds
View All
গুৱাহাটী, ২ ছেপ্টেম্বৰঃ ৰাজস্থানৰ ধলপুৰ জিলাখনৰ পুৰা চিকাৰুদা গাঁৱত এজনী ম'হে এটা দুমুখীয়া পোৱালী জন্ম দিয়াত গাওঁবাসী আচৰিত হৈ পৰে। কিয়নো ম'হৰ পোৱালীটোৱে দুয়োখন মুখেৰে গাখীৰ পান কৰে।
গাওঁখনত ম'হৰ দুমুখীয়া পোৱালীটোৰ বিষয়ে শুনি জনসমাগমৰ সৃষ্টি হয়। দুমুখীয়া ম'হৰ পোৱালীটোক লৈ গাওঁবাসীৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে। কিয়নো তেওঁলোকে কেতিয়াও এনে ঘটনা দেখিবলৈ পোৱা নাছিল।
বৰ্তমান চাৰিটা চকু আৰু চাৰিখন কাণ থকা ম'হৰ পোৱালীটোক গৰখীয়া গুড্ডে সিঙে ভালদৰে যতন লৈ আছে।
Comments