গুৱাহাটী,৩ ছেপ্টেম্বৰ:সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিমে অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰ তথা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুক তীব্ৰ সমালোচনা কৰি তেওঁলোকে অসমৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। কিয়নো শৈক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ শিক্ষামন্ত্ৰী পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সভালৈ আমন্ত্ৰণ জনোৱা নাছিল আমছুক ।
ৰেজাউলে কয়,"আমাৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পৰা সংখ্যালঘুসকলক উপেক্ষা কৰা কাৰ্যক আমি গৰিহণা দিছো। বিজেপিয়ে নিজৰ সাম্প্ৰদায়িকতা শিক্ষা বিভাগটো এৰি দিছে নেকি? তেওঁলোকে জনজাতি আৰু অন্য সম্প্ৰদায়ৰ ৩৬ টা ছাত্ৰ সংগঠনক শিক্ষা নীতিৰ বিষয়ে আলোচনা কৰিবলৈ আমন্ত্ৰণ জনাইছে কিন্তু সংখ্যালঘুসকলৰ পৰা কোনো এজনো প্ৰতিনিধিক আমন্ত্ৰণ জনোৱা হোৱা নাছিল।"
Comments