গুৱাহাটী, ৩ ছেপ্টেম্বৰঃ বিগ বছ চিজন ১৩ সমাপ্ত হোৱাৰ পাছতো শ্বেহনাজ আৰু সিদ্ধাৰ্থৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে ব্যাপকভাৱে আলোচনা হৈছিল। অনুষ্ঠানটো চলি থকাৰ মুহুর্তত দৰ্শকে কেৱল দুয়োজনৰ সুন্দৰ যুগলবন্দী উপভোগ কৰাই নহয়, সিদ্ধাৰ্থ শুক্লা আৰু শ্বাহনাজ গিল অনুষ্ঠানটোৰ পৰা ওলাই অহাৰ পিছতো সামাজিক মাধ্যমত দুয়োৰে বিষয়ে আলোচনা কৰা হৈছিল আৰু অনুৰাগীসকলে বিয়াৰ বিষয়ে নানান প্ৰশ্ন সোধা অব্যাহত ৰাখিছিল।
সিদ্ধাৰ্থ শুক্লাক ভাল পোৱা বহু যুৱতী আছিল, কিন্তু সিদ্ধাৰ্থৰ হৃদয়ত কেৱল শ্বেহনাজ গিলেহে ঠাই ল'ব পাৰিছিল। খুব কম সংখ্যক লোকেহে জানিছিল যে শ্বাহনাজ গিলে অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব খুজিছিল। এই বিশেষ খবৰটো জনপ্রিয় গায়ক তথা সংগীত নিৰ্মাতা অনু মালিকৰ ভায়েক আবু মালিকে দিছিল।
আবু মালিকে দুয়োৰে সম্পৰ্কৰ বিষয়ে কৈছিল, "এইটো লকডাউনৰ এদিন আগৰ কথা, যেতিয়া শ্বেহনাজে মোক এই বিষয়ে অৱগত কৰিছিল। কেৱল সেয়াই নহয়, সিদ্ধাৰ্থ শুক্লাই মোক কৈছিল, "যদি শ্বেহনাজে এদিনো তেওঁক খং কৰে, তেন্তে তেওঁ সেইদিনটো ভালদৰে পাৰ কৰিব পৰা নাছিল।"
Comments