গুৱাহাটী, ৪ ছেপ্টেম্বৰঃ ১৯৭৯ চনৰ ২১ আগষ্টত বিবাহপাশত আৱদ্ধ হোৱা বলীউডৰ জনপ্রিয় দম্পতি ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীয়ে এক দশকৰ পৰা ইজনে সিজনক চিনি পাইছিল। সেই সময়ত অভিনেতা ধৰ্মেন্দ্ৰই হেমা মালিনীৰ সৈতে একেলগে কেইবাখনো চিনেমাত কাম কৰিছিল আৰু এই সময়চোৱাত হেমাৰ মূৰ ঘূৰাই পৰিছিল।
যেতিয়া, ধৰ্মেন্দ্ৰই প্ৰথমবাৰৰ বাবে হেমাক দেখিছিল তেতিয়া তেওঁ কৈছিল, ছোৱালীজনী সঁচাকৈয়ে বহুত ধুনীয়া। এই বিষয় সন্দৰ্ভত হেমাই কৈছিল যে, "মই কিছুদিন পূর্বে ৰাজ কাপুৰৰ সৈতে এখন চিনেমাৰ কাম শেষ কৰিছিলো, কিন্তু চিনেমাখন তেতিয়ালৈকে মুক্তি পোৱা নাছিল।
ইপিনে, মই যেতিয়া মঞ্চৰ ফালে খোজ কাঢ়ি গৈ আছিলো, তেতিয়া ধৰ্মেন্দ্ৰই পঞ্জাৱী ভাষাত মোক উদ্দেশ্য কৰি শশী কাপুৰক মন্তব্য কৰা শুনিছিলো, "ছোৱালীজনী যথেষ্ট ধুনীয়া" কিন্তু মই তেতিয়া সেই মন্তব্যক উপেক্ষা কৰিছিলো। তেওঁলোকে লগতে মোক ৰাজ কাপুৰৰ ড্ৰীম গাৰ্ল হিচাপে পৰিচয় দিছিল। পিছত মই ধৰ্মেন্দ্ৰ আৰু শশী কাপুৰৰ সৈতে মঞ্চত অংশগ্রহণ কৰিবলৈ যথেষ্ট লজ্জা অনুভৱ কৰিছিলো।
হেমা আৰু ধৰ্মেন্দ্ৰই ১৯৭০ চনত প্ৰথমবাৰৰ বাবে তেওঁলোকৰ চিনেমা "তুম হাছিন মে জৱান"ত লগ পাইছিল। তেওঁলোকৰ অন-স্ক্ৰীণ যুগলবন্দীক দৰ্শকসকলে যথেষ্ট ভাল পাইছিল। অৱশেষত তেওঁলোকে ১৯৭৯ চনত হেমাৰ পিতৃ-মাতৃৰ বিৰোধিতা থকা স্বত্বেও বিবাহ পাশত আৱদ্ধ হৈছিল। ধৰ্মেন্দ্ৰৰ পূৰ্বৰ বিবাহৰ চাৰিটা সন্তান আছিল। পুত্ৰ ছানী দেওল আৰু ববি দেওল, আৰু কন্যা বিজেতা আৰু আজিটা। পিছত হেমা আৰু ধৰ্মেন্দ্ৰৰ এষা আৰু আহানা নামৰ দুগৰাকী কন্যা সন্তান জন্ম হয়।
Comments