গুৱাহাটী, ১২ জুন: শেহতীয়াকৈ এলিছা ডিৱিট নামৰ এগৰাকী ২৭ বছৰীয়া মহিলা বীৰাংগনা ৰূপে জনাজাত হৈ পৰিছে। কিয়নো ৫ মহীয়া গৰ্ভৱতী অৱস্থাতো মহিলাগৰাকীয়ে পানীত জাপ দি ৪ গৰাকী কিশোৰীক ডুব যোৱাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছে। ঘটনা অনুসৰি মহিলা গৰাকীয়ে আবেলি মিচিগান হ্ৰদৰ ফাৰ্ষ্ট ষ্ট্ৰীট উপকূলৰ এখন দীঘল কাঠৰ দলঙলৈ ফুৰিবলৈ গৈছিল।
পৰৱৰ্তী সময়ত সাগৰৰ পাৰত মহিলাগৰাকীয়ে উপস্থিত হৈ দেখিলে যে প্ৰায় ১৫ বছৰীয়া ৪ জনীয়া ছোৱালীৰ দল এটা পানীত পৰি সহায়ৰ বাবে হাত বাউলি মাতি আছিল। তেনে সময়তে এলিছাই ৫ মহীয়া গৰ্ভৱতী অৱস্থাতে নিজৰ সুৰক্ষাৰ কথা চিন্তা নকৰি পানীত জাপ দিয়ে। যিহেতু সেই মূহুর্তত অন্য কোনো লোক উপস্থিত নাছিল আৰু গৰ্ভৱতী মহিলাগৰাকীয়ে জৰুৰীকালীন সেৱা ৯১১ নম্বৰত ফোন কৰি কথাখিনি অৱগত কৰাইছিল যদিও, জৰুৰীকালীন ডুৱাৰু বাহিনী আহি পোৱাত পলম হ'ব পাৰে বুলি ভাবি পানীত জাপ দিয়ে আৰু আটাইকেইগৰাকী কিশোৰীক পানীৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয়।
পৰৱৰ্তী সময়ত ঘটনা সংক্রান্তত মহিলা গৰাকীয়ে কয় যে, যেতিয়া ছোৱালী কেইজনীক উদ্ধাৰ কৰিবলৈ পানীত জাপ দিছিলো, তেতিয়া প্ৰথমে এজনীক ওপৰলৈ উঠাই অনাৰ পিছতে সাগৰীয় ঢৌৱে সমস্যাৰ সৃষ্টি কৰিছিল। থিক তেনেতে পানীত পৰা আন এজনী সৰু ছোৱালীয়ে মহিলাগৰাকীৰ ফালে চাই 'আৰু জীয়াই নাথাকো, মৰিম' বুলি কান্দিছিল। এই শাৰী কথা শুনি, মহিলাগৰাকীয়ে নিজৰ দেহৰ কথা নাভাবি অতি বেছি সাহসীকতাৰে তাইক মৰিবলৈ নিদিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে সমস্ত দেহৰ জোৰ প্ৰয়োগ কৰি পানীৰ পৰা ছোৱালীকেইজনীক উলিয়াই আনিবলৈ সক্ষম হৈছিল।
আনহাতে ছোৱালীৰ দলটোৱে তীৰৰ কাষ চাপিবলৈ সক্ষম হৈছিল কিন্তু তাৰ মাজৰে এজনীৰ ভৰিত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে থিয় হ'ব পৰা নাছিল। কিন্তু পৰৱৰ্তী সময়ত এলিছাই ছোৱালী ৪ জনীক সাগৰৰ পাৰলৈ লৈ যোৱাৰ ঠিক পিছতে, এম্বুলেন্স আৰু আৰক্ষী আহি উপস্থিত হয় আৰু ততাতৈয়াকৈ মহিলা গৰাকীৰ লগতে আটাইকেইগৰাকী কিশোৰীক চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে বৰ্তমান মহিলা গৰাকীৰ লগতে গৰ্ভত থকা শিশুটো সম্পূৰ্ণ সুস্থ বুলি জানিবলৈ দিয়ে। আনহাতে পানীত ডুব যোৱাৰ পৰা বাচি অহা ছোৱালীকেইজনীকো চিকিৎসকে সুস্থ বুলি জানিবলৈ দিয়ে।
এই দুঃসাহসিক কাৰ্য্যৰ বাবে এলিছাৰ প্ৰথম ৬ বছৰীয়া কন্যা সন্তান গৰাকীয়ে মাতৃক ছুপাৰ মম নামেৰে নামাঙ্কিত কৰিছে। লগতে সকলো লোকে মহিলা গৰাকীক প্ৰকৃত ‘নায়িকা’ নামেৰে বিভূষিত কৰিছে আৰু সাহসিকতাৰ উচ্চ প্ৰশংসা কৰিছে।
Comments