গুৱাহাটী, ১২ জুন: আজি অনুষ্ঠিত হোৱা পণ্য আৰু সেৱাকৰ পৰিষদৰ (GST Council) সভাত সকলো ক'ভিড১৯ চিকিৎসাৰ বাবে দৰকাৰী ঔষধ, অক্সিজেন ইত্যাদি সামগ্ৰী আৰু এম্বুলেঞ্চৰ ওপৰত লাঘু কৰৰ হাৰ যথেষ্ট পৰিমাণে নিম্মগামী কৰা হয় যদিও ক'ভিড ভেকছিনৰ ওপৰত লাঘু হৈ থকা ৫ শতাংশ কৰ অপৰিবৰ্তিত ৰখা হয়।
এই বিশেষ নতুন কৰৰ হাৰ ছেপ্তেম্বৰলৈ লাঘু হৈ থাকিব আৰু প্ৰয়োজন হ'লে এই সময়সীমা বৃদ্ধি কৰা হ'ব।
পৰিষদৰ সভাত লোৱা সিদ্ধান্ত সমূহ:
-- ক'ভিড ভেকছিনৰ ওপৰত ৫ শতাংশ কৰ অপৰিবৰ্তিত কাৰণ ইয়াৰ ফলত জনসাধাৰণৰ ওপৰত কোনো কৰৰ বোজা নপৰে যিহেতু ভেকছিন সকলোকে বিনামূল্যে দিয়া হ'ব।
-- ক'ভিডৰ ঔষধ Remdesivir ৰ ওপৰত কৰ ১২ শতাংশ ৰ পৰা ৫ শতাংশলৈ হ্ৰাস।
-- ক'লা ভেকুৰৰ (Black Fungus) ঔষধ Amphotericin B ওপৰত থকা কৰ শূণ্য কৰা হ'ল।
-- ক'ভিড ঔষধ Tocilizumab ৰ ওপৰত কৰ শূণ্য কৰা হ'ল।
-- তেজ গোট মৰাত বাধা দিয়া ঔষধ যেনে Heparin ৰ ওপৰত কৰ ৫ শতাংশলৈ নিম্মগামী কৰা হয়।
-- অক্সিজেন, অক্সিজেন ঘনীভূত কৰা যন্ত্ৰ, অক্সিজেন উৎপাদক, ভেণ্টিলেটৰ,BiPAP যন্ত্ৰ আদি ক'ভিড চিকিৎসাৰ সঁজুলিৰ ওপৰত কৰ ১২ ৰ পৰা ৫ শতাংশলৈ হ্ৰাস।
-- অক্সিমিটাৰ, ছেনিটাইজাৰ, তাপ জোখা যন্ত্ৰ আদিৰ ওপৰত কৰ ৫ শতাংশলৈ হ্ৰাস।
-- এম্বুলেঞ্চৰ ওপৰত কৰ ২৮ শতাংশৰ পৰা ১২ শতাংশলৈ হ্ৰাস।
Comments