গুৱাহাটী, ১৫ জুন: শ্বহীদ কুশল কোঁৱৰৰ ৭৮ সংখ্যক মৃত্যু দিৱস উপলক্ষে মঙ্গলবাৰে পাণবজাৰ নেহৰু উদ্যানত ক'ভিড প্ৰতিৰোধৰ সম্পূৰ্ণ নীতি-নিয়ম মানি পালন কৰা হয়। অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলন আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ যুটীয়া উদ্যোগত অনুষ্ঠিত কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত মাল্যাদানেৰে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে আৰু শ্বহীদ গৰাকীৰ দেশপ্রেমৰ আদৰ্শ অমৰ হোৱাৰ কামনা কৰে।
তেওঁ কয় যে দেশবাসীৰ অন্তৰত দেশপ্রেম আৰু ভাতৃত্ববোধৰ উদ্ৰেক হ'লেহে শ্বহীদৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আৰু শ্বহীদসকলৰ আত্মাই চিৰশান্তি লাভ কৰিব। অনুষ্ঠানটোত অংশগ্রহণ কৰা শ্বহীদ কুশল কোঁৱৰৰ সৰু বোৱাৰী যমুনা কোঁৱৰকো মন্ত্রীগৰাকীয়ে শ্ৰদ্ধা জ্ঞাপন কৰে। জিলা উপাযুক্ত বিশ্বজিৎ পেগুকে ধৰি প্ৰশাসনৰ কেবাজনো বিষয়া আৰু অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ বিশিষ্ট অতিথিয়েও এই অনুষ্ঠানত শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পন কৰি শ্বহীদজনাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।
আনহাতে, উক্ত অনুষ্ঠানতে মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত মুখ্যমন্ত্রীৰ প্ৰতি অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ তৰফৰ পৰা এখন স্মাৰকপত্ৰ অৰ্পন কৰা হয়।
Comments
ভাল খবৰ:অৱশেষত জামিন লাভ কৰিলে অসম কন্যা দেৱাংগনা কলিতাই
Published on June 15, 2021|News Source : প্ৰণৱজ্যোতি দত্ত
দিল্লী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে।দিল্লীত হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হৈ বিগত এবছৰো অধিক কাল তিহাৰ জেলত বন্দী হৈ আছিল দেৱাংগনা।