গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ১৪ জুন ঃ জনসংখ্যা নিয়ন্ত্রণৰ ক্ষেত্রত ৰাজ্যৰ থলুৱা জাতি-জনগোষ্ঠীসমূহ অধিক সজাগ আৰু সচেতন হোৱাৰ সময়ত পূর্ববংগীয় মুছলমান অধু্যষিত অঞ্চলসমূহত মাত্রাধিক হাৰত জনসংখ্যা বৃদ্ধি পোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে৷ মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা আৰু মুখপাত্র পৱিত্র মার্ঘেৰিটাই আজি এখন সংবাদমেলযোগে জনসংখ্যা বৃদ্ধি পোৱাৰ তথ্য দাঙি ধৰি কয় যে পূর্ববংগীয় মুছলমান বসতিপূর্ণ সমষ্টিসমূহত মাত্রাধিক হাৰত জনবিস্ফোৰণ হৈ আহিছে৷
বিপৰীতে থলুৱা বসতিপূর্ণ কোনো কোনো সমষ্টিত জনসংখ্যা অস্বাভাৱিক গতিত হ্রাস পাইছে৷ পাঁচটা বছৰত ভোটাৰৰ সংখ্যা বৃদ্ধি হোৱা সমষ্টিকেইটালৈ চালে কোন ধর্মাৱলম্বী লোকৰ মাজত জনসংখ্যা বৃদ্ধি পাইছে, সেয়া সহজতে স্পষ্ট হৈ পৰিব বুলি সংবাদমেলত বিজেপিৰ নেতাদ্বয়ে উল্লেখ কৰে৷ সংবাদমেলখনত কিছু তথ্য দাঙি ধৰি কয় যে ২০১৬ চনৰ বিধানসভাৰ নির্বাচনৰ তুলনাত ২০২১ চনৰ বিধানসভাৰ নির্বাচনত পূর্ববংগীয় মুছলমান অধু্যষিত সমষ্টিসমূহত ভোটাৰৰ সংখ্যা বহুগুণ বৃদ্ধি পাইছে৷
এই পাঁচটা বছৰৰ ব্যৱধানত সংখ্যালঘু অধু্যষিত মানকাচৰ, দলগাঁও, নাওবৈচা, যমুনামুখ, জনিয়া, ৰূপহীহাট আৰু দক্ষিণ শালমাৰা সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধি হোৱাৰ তথ্য দাঙি ধৰি কয় যে মানকাচৰত ২৪ শতাংশ, দলগাঁৱত ২২.১৮ শতাংশ, ধিঙত ২২.৮৫ শতাংশ, নাওবৈচাত ২৩.০৪ শতাংশ, যমুনামুখত ২১.৩৪ শতাংশ, জনিয়াত ২২.২১ শতাংশ, ৰূপহীহাটত ২০.৯৪ শতাংশ আৰু দক্ষিণ শালমাৰাত ২০.১১ শতাংশ ভোটাৰ বৃদ্ধি পাইছিল৷
পাঁচ বছৰত এই বুজনসংখ্যক ভোটাৰ বৃদ্ধি পোৱা মানে নির্দিষ্ট এই সমষ্টিকেইটাত জনসংখ্যা কি ধৰণে বৃদ্ধি হৈছে, সেয়া সহজে অনুমেয় বুলি মন্তব্য কৰে৷ সংখ্যালঘু অধু্যষিত সমষ্টিসমূহত মাত্র পাঁচটা বছৰত ভোটাৰৰ সংখ্যা মাত্রাধিক হাৰত বৃদ্ধি পোৱাৰ বিপৰীতে থলুৱা লোকৰ বসতি প্রধান পলাশবাৰীত ১৪.৭৯ শতাংশ, বিহালীত ১৬.৫০ শতাংশ, মাজুলীত ১৫.২৮ শতাংশ, থাওৰাত ১৫.৬৫ শতাংশ আৰু চিদলীত মাত্র ৮.০১ শতাংশ ভোটাৰ বৃদ্ধি হয়৷
এই তথ্যৰ আধাৰত মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই কয় যে সংখ্যালঘু অধু্যষিত সমষ্টিসমূহত ভোটাৰৰ সংখ্যা অস্বাভাৱিক বৃদ্ধি হোৱাৰ বিপৰীতে থলুৱা অধু্যষিত সমষ্টিত সীমিতসংখ্যক ভোটাৰহে বৃদ্ধি পাইছে৷ তেওঁ লগতে কয় যে ১৯৯১–২০০১ চনৰ সময়ছোৱাত লোকপিয়লৰ তথ্য অনুসৰি ৰাজ্যখনত হিন্দু লোকৰ বৃদ্ধিৰ হাৰ ১৪.৯ শতাংশ হোৱাৰ বিপৰীতে মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ২৯.৩ শতাংশ আছিল৷ আনহাতে ২০০১২০১১ চনৰ সময়ছোৱাত আকৌ হিন্দুৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১০.৯ শতাংশলৈ হ্রাস হোৱাৰ বিপৰীতে মুছলমানৰ জনসংখ্যা ২৯.৬ শতাংশলৈ বৃদ্ধি পায়৷
অর্থাৎ ১০ বছৰত ৰাজ্যখনত হিন্দু লোকৰ তুলনাত মুছলমানৰ জনসংখ্যা তিনিগুণতকৈ অধিক বৃদ্ধি পায়৷ ৰাজ্যখনত মুছলমান লোকৰ জনসংখ্যা এনেদৰে বৃদ্ধি পোৱাৰ বিপৰীতে নেশ্যনেল ফেমিলী হেল৲থ ছার্ভেৰ এক সমীক্ষা অনুসৰি অসমত মুছলমানৰ জনসংখ্যা হ্রাস পোৱা বুলি চলা প্রচাৰ শুদ্ধ নহয় বুলি মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিবগৰাকীয়ে দাবী কৰে৷ তেওঁ কয় যে মুছলমান লোকৰ জনসংখ্যা হ্রাস পালে শেহতীয়া নির্বাচনকেইটাত পূর্ববংগীয় মুছলমান অধু্যষিত সমষ্টিসমূহত ভোটাৰৰ সংখ্যা মাত্রাধিক হাৰত বৃদ্ধি নাপালেহেঁতেন৷
অন্ধবিশ্বাসৰ বাবে বংগীয় মূলৰ মুছলমান অধু্যষিত সমষ্টিত মুছলমানৰ জনসংখ্যা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি প্রয়োজনত সাংবিধানিক ব্যৱস্থাৰ জৰিয়তে নিয়ন্ত্রণ কৰিব লাগিব বুলিও মন্তব্য কৰে৷ তেওঁ লগতে কয় যে বংগীয় মূলৰ মুছলমান অধু্যষিত অঞ্চলত জনসংখ্যা মাত্রাধিক হাৰত বৃদ্ধি পাই গৈ থকা বাবে বসতি স্থানৰ অভাৱত মন্দিৰ, সত্রৰ ভূমি বেদখলত হৈছে৷ বিপৰীতে শিৱসাগৰ, গোলাঘাট, নলবাৰী আদিৰ থলুৱা মুছলমান অধু্যষিত অঞ্চলত জনসংখ্যা নিয়ন্ত্রণত থকা বুলিও সংবাদমেলত বৰুৱাই মন্তব্য কৰে৷ ৰাজনৈতিক দৃষ্টিৰে নাচাই সাংবিধানিকভাৱে জনসংখ্যা নিয়ন্ত্রণ কৰা জৰুৰী বুলিও তেওঁ কয়৷
Comments