গুৱাহাটী,১৫ জুন: দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ)য়ে আজিৰ পৰা স্বদেশীভাৱে প্ৰস্তত কৰা ক'ভিড-১৯ ভেকছিন কভাক্সিনৰ ক্লিনিকেল পৰীক্ষাৰ বাবে ৬ ৰ পৰা ১২ বছৰ বয়সৰ শিশুৰ স্ক্ৰীণিং প্ৰক্ৰিয়া আৰম্ভ কৰে। এইমছ দিল্লীয়ে ইতিমধ্যে ১২-১৮ বছৰ বয়সৰ শিশুৰ বাবে কভাক্সিনৰ এটা পালিৰ বাবে ক্লিনিকেল পৰীক্ষা সম্পূৰ্ণ কৰিছে। ভাৰতৰ ঔষধ নিয়ন্ত্ৰক, ড্ৰাগছ কণ্ট্ৰ'লাৰ জেনেৰেল অফ ইণ্ডিয়া (ডিচিজিআই)য়ে ভেকছিনটোৰ দ্বিতীয় আৰু ৩ টা ক্লিনিকেল পৰীক্ষা কৰাৰ বাবে অনুমতি দিয়াৰ পিছত ৭ জুনত নতুন দিল্লীৰ এইমছত ১২-১৮ বছৰ বয়সৰ লোকসকলৰ মাজত কভাক্সিনৰ এটা পালি দিবলৈ অনুমতি প্ৰদান কৰা হয়।
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) সহযোগত হায়দৰাবাদস্থিত ভাৰত বায়'টেকৰ দ্বাৰা প্ৰস্তুত কৰা কভাক্সিন ভাৰতৰ চলিত ক'ভিড টিকাকৰণ অভিযানত প্ৰাপ্তবয়স্ক লোকসকলৰ ওপৰত ব্যৱহাৰ কৰা হৈছে। এই ভেকছিন প্ৰদান প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৬ জানুৱাৰীৰ পৰা আৰম্ভ কৰা হৈছিল। ভাৰত বায়'টেকে এই সন্দৰ্ভত কয় যে, "কভাক্সিনৰ বৈজ্ঞানিক মানদণ্ড আৰু প্ৰতিশ্ৰুতি স্বচ্ছ, আৰু কোম্পানীয়ে বৰ্তমানলৈ ইয়াৰ সুৰক্ষা আৰু কাৰ্যকাৰীতাৰ ওপৰত ৯ টা গৱেষণামূলক অধ্যয়ন প্ৰকাশ কৰিছে।" ৬ ৰ পৰা ১২ বছৰ বয়সৰ শিশুৰ বাবে ভেকছিন প্ৰদানৰ পিছত দ্বিতীয় পালি ২৮ দিন পিছত প্ৰদান কৰা হ'ব।উক্ত পৰীক্ষণটোৱে শিশুসকলৰ ক্ষেত্ৰত ক'ভিড-১৯ ভেকছিনৰ সুৰক্ষা, প্ৰতিক্ৰিয়া-বিক্ৰিয়া আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ মূল্যায়ন কৰিব বুলি চিকিৎসক সকলে জানিবলৈ দিয়ে।
আনহাতে ৬ ৰ পৰা ১৩ বছৰৰ শিশুৰ পৰীক্ষণৰ অন্তত ২ৰ পৰা ৬ বছৰৰ ভিতৰত শিশুৰ ওপৰত ভেকছিনৰ পৰীক্ষণ আৰম্ভ কৰিব বুলি দিল্লী এইমছ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। পৰীক্ষণবোৰ ৫২৫ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব। চৰকাৰে বিগত সপ্তাহত সতৰ্ক কৰি দিছিল যে যদিও এতিয়ালৈকে ক'ভিড-১৯ ৰ শিশুসকলৰ মাজত বেছি গুৰুতৰ ৰূপ লোৱা নাই, তথাপিও ভাইৰাছৰ আঁচৰণ বা ভাইৰাছৰ গতিশীলতাৰ পৰিৱৰ্তন হ'লে শিশুসকলৰ মাজতো ইয়াৰ প্ৰভাৱ বৃদ্ধি পাব পাৰে।"
আনহাতে শিশুৰ ক'ভিড-১৯ সংক্ৰমণৰ পৰ্যালোচনা কৰিবলৈ আৰু দেশৰ পৰৱৰ্তী ক'ভিড-১৯ৰ তৃতীয় ঢৌৰ বাবে প্ৰস্তুতি শক্তিশালী কৰিবলৈ এক নতুন উপায়েৰে এটা ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোট গঠন কৰা হৈছে বুলি নীতি আয়োগৰ সদস্য (স্বাস্থ্য) ভি কে পলে জানিবলৈ দিয়ে।
Comments
১৮ জুনৰ পৰা পোনপ্ৰথমবাৰৰ বাবে ভাৰতত আৰম্ভ হ'ব চিকিৎসা ড্ৰ'ন সেৱা
Published on June 15, 2021|News Source : অৰূপ ডেকা
তথ্য অনুসৰি, বিশ্বব্যাপী ড্ৰ'ন সেৱা প্ৰদানকাৰী এ এন আৰ এ টেকন'লজীয়ে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ৰ'পাৰ আৰু খাদ্য বিতৰণৰ বাবে 'চুইগি'ৰ সহযোগত ঔষধৰ পৰীক্ষামূলক বিতৰণ অনুষ্ঠিত কৰিব। আনহাতে নাৰায়ণ হেল্থকেয়াৰৰ সহযোগত থ্ৰটল এৰোস্পেচ আৰু দক্ষ মানৱবিহীন প্ৰণালীয়ে কৰ্ণাটকৰ গৌৰীবিদানুৰ আৰু চেন্নাইৰ বাহিৰত থিৰুভাল্লুভাৰত ঔষধৰ বিতৰণ কৰিব। ইয়াৰ বাবে প্ৰাক-পৰীক্ষণ ২১ জুনত ইয়াৰ পৰীক্ষামূলক বিমানৰ আনুষ্ঠানিক আৰম্ভণিৰ আগতে ১৮ আৰু ১৯ জুনত অনুষ্ঠিত কৰা হ'ব।
ইফালে, ই-কমাৰ্চমেজৰ ফ্লিপকাৰ্টে পূৰ্বে সিন্ধান্ত কৰি থৈছিল যে, "তেওঁলোকে তেলেংগানা চৰকাৰৰ সৈতে অংশীদাৰীত্ব কৰি 'মেডিচিনছ ফ্ৰম দ্য স্কাই' প্ৰকল্পৰ অধীনত দূৰৱৰ্তী অঞ্চললৈ চিকিৎসা সামগ্ৰীৰ ড্ৰ'ন বিতৰণৰ বিকাশ আৰু কাৰ্যকৰীকৰণৰ দায়িত্ব দিয়া এক পদ্ধতি প্ৰস্তুত কৰি উলিয়াইছিল।" লগতে ৱালমাৰ্টৰ মালিকানাধীন ফ্লিপকাৰ্টে ড্ৰ'ন স্থাপনসহ ভেকছিন আৰু চিকিৎসা সামগ্ৰী প্ৰদান কৰাত সক্ষম হ'ব বুলি জানিবলৈ দিয়ে। কোম্পানীয়ে শেষত জনায় যে, "উক্ত সেৱা সমূহ দেশৰ লাখ লাখ গ্ৰাহকে ফ্লিপকাৰ্টৰ দ্বাৰা বিকশিত কৰা জিঅ'মেপিং প্ৰণালীৰ সহায়ত সামগ্রী সমূহৰ অৱস্থানৰ সংকেত পৰিদৰ্শন কৰিবলৈ সক্ষম হ'ব, আৰু সামগ্রী সমূহ অতি সহজে লাভ কৰিবলৈ সক্ষম হ'ব।"