গুৱাহাটী,১৫ জুন:অসম ৰাজ্যিক চিৰিয়াখানা তথা বটানিকেল গাৰ্ডেন লৈ অহা দৰ্শনাৰ্থীসকলে শীঘ্ৰে দেখিবলৈ পাব ইজৰাইলৰ জেব্ৰা আৰু চেক গণৰাজ্যৰ দেওহাঁহ ।
অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবদ্যই শুকুৰবাৰে প্ৰকাশ কৰে যে ৰিলায়েন্সৰ সৈতে হোৱা বুজাবুজিৰ পিছত দুটা ক'লা পেন্থাৰৰ বিনিময়ত ইজৰাইলৰ পৰা চাৰিটা জেব্ৰা চিৰিয়াখানালৈ অনা হ'ব।
শুক্লবদ্যই লগতে কয়,"ইয়াৰ উপৰিও, চেক গণৰাজ্যৰ পৰা চাৰিটা দেওহাঁহ অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হ'ব। নতুন আলহীৰ বাবে আমাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে।"
মন্ত্ৰীজনে চিৰিয়াখানাৰ কৰ্মী আৰু জন্তুৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'বলৈ চিৰিয়াখানাত উপস্থিত হৈ এই কথা প্ৰকাশ কৰে।শুকুৰবাৰে চিৰিয়াখানাত দুটা ব্লেক পেন্থাৰৰ পোৱালীৰ জন্ম হৈছিল আনহাতে ডেৰ মাহ আগতে আন দুটা পোৱালীৰ জন্ম হৈছিল।
ক'ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত এই বছৰৰ ২৮ এপ্ৰিলৰ পৰা দৰ্শনাৰ্থীসকলৰ বাবে বন্ধ কৰি দিয়া হৈছিল অসম ৰাজ্যিক চিৰিয়াখানা ।
Comments