Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5807

বিনামূলীয়াকৈ বাৰ্গাৰ নিদিয়াৰ বাবে পাকিস্তান আৰক্ষীয়ে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীক ভৰালে জে'লত


Published on June 15, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

এজন মানুহৰ জীয়াই থকাৰ সৰ্বোচ্চ বয়স ১৫০ বছৰ, বিজ্ঞানীসকলে প্ৰকাশ কৰিলে তথ্য


Published on June 15, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১৫ জুন: এগৰাকী ব্যক্তিৰ জীৱন পৰিক্ৰমাৰ সৰ্বাধিক সময় সীমা ১৫০ বছৰ। বিজ্ঞানীসকলে শেহতীয়াকৈ কৰা এক মানৱীয় পৰীক্ষণৰ অন্তত এই তথ্য প্ৰকাশ কৰিছে। এই গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি এগৰাকী ব্যক্তিয়ে সৰ্বাধিক ১৫০ বছৰ বয়সলৈ জীয়াই থাকিব পাৰে। শেহতীয়াকৈ বিজ্ঞানীসকলে প্ৰকাশ কৰি উলিয়াইছে যে, জিনে কেলমেণ্ট নামৰ ফৰাচী ব্যক্তি গৰাকীয়ে আটাইতকৈ বেছি বয়স অতিক্রম কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। জিনে ১৯৯৭ চনত ১২২ বছৰ বয়সত মৃত্যুবৰণ কৰিছিল, যদিও বিজ্ঞানীসকলে কেলমেণ্টৰ জীৱনৰ ওপৰত পৰ্যালোচনা কৰি বিভিন্ন পৰীক্ষণৰ অন্তত, এগৰাকী ব্যক্তি সৰ্বাধিক ১৫০ বছৰ বয়সলৈ জীয়াই থাকিবলৈ সক্ষম বুলি বিশ্বাস কৰিছে। 

গৱেষকসকলে শেহতীয়াকৈ তেওঁলোকৰ অধ্যয়নৰ তথ্যসমূহ "নেচাৰ কমিউনিকেশ্বন" আলোচনীত প্ৰকাশ কৰিছে। গৱেষণাত, বিজ্ঞানীসকলে ব্ৰিটেইন আৰু আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বেচ্ছাসেৱকসকলৰ ওপৰত প্ৰয়োগ কৰা তথ্যসমূহৰ সহায়ত নিশ্চিত কৰিছে যে, "এগৰাকী যিকোনো ব্যক্তি যিয়ে সৰ্বোচ্চ কাল জীয়াই থাকিবলৈ সক্ষম হয়, তেখেতসকলৰ পৰা জীৱন পৰিক্ৰমাৰ পৰা অনুমান কৰিব পাৰি যে, আন সু-স্বাস্থ্যৱান লোকে সকলেও দীৰ্ঘ সময়লৈ জীয়াই থাকিবলৈ সক্ষম হ'ব।"

আনহাতে কৃত্ৰিম বুদ্ধিমত্তা (এআই) ব্যৱহাৰ কৰি, বিজ্ঞানীসকলে স্বেচ্ছাসেৱকসকলৰ সু-স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন তথ্য বিশ্লেষণ কৰিছে। তেওঁলোকৰ অধ্যয়ন অনুসৰি, মানুহৰ জীৱনকাল দুটা তথ্যগত বিন্দুৰ ওপৰত আধাৰিত - জৈৱিক বয়স আৰু স্থিতিস্থাপকতা। ইয়াৰে জৈৱিক বয়স- চাপ, জীৱনশৈলী আৰু দীৰ্ঘম্যাদী ৰোগৰ সৈতে সম্পৰ্কিত আৰু স্থিতিস্থাপকতা চাপৰ সঁহাৰিৰ পিছত এজন ব্যক্তি কিমান সোনকালে নিজৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰে, তাৰ সৈতে সম্পৰ্কিত। গৱেষকসকলে বিশ্বাস কৰে যে এটা মানৱ শৰীৰৰ সময়সীমা ১২০ ৰ পৰা ১৫০ বছৰ বয়স পৰ্যন্ত হ'ব পাৰে। তাৰ পৰৱৰ্তী পৰ্যায়ত মানৱ শৰীৰ সম্পূৰ্ণৰূপে ক্ষয় হ'বলৈ আৰম্ভ হয়।


Published on January 1, 1970|News Source :
Cartoon
View Older

 

August 5, 2021


Entertainment
View Older


From Our Archive

Create Account