গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ১৩ জুন ঃ ভূমিহীন হ’ল বুলিয়েই যধে-মধে মাটি দখল কৰিব নোৱাৰিব৷ প্রকৃত ভূমিহীন লোকে বসবাস কৰিবলৈ মাটি বিচাৰি চৰকাৰক আৱেদন জনাব লাগিব৷ ধর্মীয় অনুষ্ঠান, সত্র, চৰকাৰী বা বনাঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি বেদখলকাৰীৰ কবলত পৰাৰ পাছত ৰাজ্য চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷
ইতিমধ্যে ছিপাঝাৰ, কাকীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে উচেছদ অভিযান আৰম্ভ কৰিছে৷ পূর্বৰ বিজেপি মিত্রজোঁটৰ প্রথমখন চৰকাৰৰ শাসনত কাজিৰঙা, বৰদোৱাকে ধৰি অঞ্চল বিশেষত উচেছদ অভিযান চলিছিল যদিও সেই অভিযান বন্ধ হৈ পৰিছিল৷ বিজেপি মিত্রজোঁটৰ দ্বিতীয়খন চৰকাৰে পুনৰ উচেছদ অভিযান চলোৱাৰ সময়ত বাছি বাছি এটা নির্দিষ্ট ধর্মাৱলম্বী লোক বসবাস কৰা স্থানতহে উচেছদ কার্য চলোৱাৰ অভিযোগ বিৰোধী দল আৰু সংগঠনসমূহে উত্থাপন কৰিছে৷ ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হোৱাৰ সময়ত জ্যেষ্ঠ মন্ত্রী ৰঞ্জিত দাসে উচেছদ সম্পর্কত তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷
তেওঁ কয় যে ভূমিহীন হ’ল বুলিয়েই সত্র, মন্দিৰ, মছজিদ বা গীর্জাৰ মাটি কোনোৱে বেদখল কৰিব নোৱাৰিব৷ প্রকৃততে যিসকল ভূমিহীন তেওঁলোকে চৰকাৰক মাটি বিচাৰি আৱেদন জনাব লাগিব৷ ভূমি উপদেষ্টা পৰিষদে আৱেদনৰ ভিত্তিত মাটিৰ পট্টন দিব৷ মাটি নাথাকিল বুলিয়েই সত্র, মঠ, মন্দিৰ, গীর্জা বা মছজিদৰ মাটি বেদখল কৰিব নোৱাৰিব৷ বেদখলকাৰীক উচেছদ কৰিবলৈ জিলাৰ উপায়ুক্তসকলক কর্তৃত্ব দিয়াৰ কথাও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মন্ত্রী দাসে৷ উল্লেখযোগ্য যে কেইদিনমানৰ পূর্বে ছিপাঝাৰৰ গৰুখঁুটি অঞ্চলত হাজাৰ হাজাৰ বিঘা মাটি উচেছদিতৰ কবলৰ পৰা মুক্ত কৰা হৈছিল৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উচেছদিত এলেকা পৰিদর্শন কৰি নিৱনুৱা যুৱকক কৃষি কার্যত সেই অঞ্চলত নিয়োজিত কৰিবলৈ বিধাায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিছে৷ ধর্মীয় অনুষ্ঠানৰ মাটি বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ যে অতি কঠোৰ সেই কথা আজি জ্যেষ্ঠ মন্ত্রী ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ আাগত পুনৰ উল্লেখ কৰে৷
Comments