গুৱাহাটী,১৪ জুন: নগালেণ্ডৰ প্ৰসিদ্ধ হিন্দী পণ্ডিত, লেখক পদ্মশ্ৰী পিয়ং টেমজেন জামিৰৰ দীৰ্ঘদিনৰ পৰা অসুস্থতাত ভুগি অহাৰ ফলত দেওবাৰে নিশা চিকিৎসালয়ত মৃত্যুবৰণ কৰে। জামিৰে নগালেণ্ডত হিন্দী ভাষাৰ ক্ষেত্রত অপৰিসীম অৱদান আগবঢ়োৱাৰ লগতে জনপ্ৰিয়তা অৰ্জন কৰিছিল। পদ্মশ্রী জামিৰে নগা লোকসকলৰ জীৱনশৈলী, সভ্যতা-সংস্কৃতি আদি হিন্দী ভাষাত কাহিনী পুথি আৰু সাহিত্য পুথিৰ জৰিয়তে সমগ্ৰ দেশতে উপস্থাপন কৰিবলৈ সক্ষম হৈছিল।
হিন্দী সাহিত্যিক গৰাকীয়ে নগালেণ্ডৰ ডিমাপুৰত অৱস্থিত ৰাষ্ট্ৰ ভাষা হিন্দী প্ৰশিক্ষণ প্ৰতিষ্ঠানত সুদীর্ঘ কাল অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁৰ নিষ্ঠা আৰু নগা জাতিৰ ক্ষেত্ৰত আগবঢ়োৱা বলিষ্ঠ অৱদানৰ বাবে ২০১৮ চনত পদ্মশ্রী বঁটাৰে বিভূষিত কৰা হৈছিল। তেওঁ সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰতো অন্য বহুতো বঁটা লাভ কৰিছিল।
নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবি আৰু উপ মুখ্যমন্ত্ৰীয়ে হিন্দী সাহিত্যক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। লগতে ৰাজ্যপাল গৰাকীয়ে স্বৰ্গীয় সাহিত্যিক গৰাকীৰ পত্নী পেংগেৰটুলা লংকুমাৰলৈ পত্ৰযোগে কয় যে, "হিন্দী সাহিত্য আৰু নগা জনজাতিৰ বিকাশৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায়ে অতুলনীয় হৈ থাকিব আৰু ইতিহাসৰ পৃষ্ঠাত হিন্দী পণ্ডিত জামিৰৰ নাম মানৱজাতিৰ সাৰ্বজনীন ভাতৃত্ববোধত বিশ্বাস কৰা এজন মানৱতাবাদী বুদ্ধিজীৱী হিচাপে সদায়ে জিলিকি থাকিব। দেশখনে সঁচায়ে এজন প্ৰসিদ্ধ লেখক আৰু মহান চিন্তাবিদক হেৰুৱাইছে।"
Comments