গুৱাহাটী,১৪ জুন:প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতে ২০০৯ চনত জি টিভিৰ ধাৰাবাহিক পবিত্ৰ ৰিস্তাৰ জৰিয়তে দূৰদৰ্শনৰ জগতত আত্মপ্ৰকাশ কৰিছিল আৰু দৰ্শকৰ মাজত বিপুল সমাদৰ লাভ কৰিছিল। ইয়াৰে পিছত অভিনেতাজনে ২০১৩ চনত অভিষেক কাপুৰৰ 'কাই পো চে'ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল।
অৱশ্যে,অভিনেতাজনে নিজৰ কেৰিয়াৰত কেইবাখনো চলচিত্ৰ হেৰুৱাইছিল । ২০১৬ চনতেই তেওঁ ১২ খনকৈ চিনেমাৰ পৰা সময়সূচী বা অন্যান্য ব্যক্তিগত কাৰণত বাদ পৰিছিল।তাৰে কিছুমান হৈছে:
পদ্মাৱত, বাজিৰাও মস্তানি আৰু ৰাম-লীলা
পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে মুম্বাই আৰক্ষীক কৈছিল যে তেওঁ সুশান্তক ৰাম-লীলা, বাজিৰাও মস্তানি আৰু পদ্মাৱতৰ অফাৰ আগবঢ়াইছিল । কিন্তু সুশান্তৰ সময়ৰ অভাৱৰ বাবে এখনো চলচ্চিত্ৰত তেওঁ অভিনয় কৰিব পৰা নাছিল ।
ফিতুৰ
চাৰ্লছ ডিকেঞ্চৰ 'ফিতুৰ'ৰ অফিচিয়েল ৰিমেকৰ বাবে সুশান্তক 'কাই পো চে'ৰ পৰিচালক অভিষেক কাপুৰে যোগাযোগ কৰিছিল কিন্তু উচিত সহযোগিতা নোপোৱাত সেয়াও সম্ভৱ হৈ নুঠিল।
হাফ গাৰ্লফ্ৰেণ্ড
সুশান্তে 'হাফ গাৰ্লফ্ৰেণ্ড' নামৰ ৰোমাণ্টিক চলচ্চিত্ৰখনত অভিনয় কৰাৰ কথা আছিল যিখন চেতন ভগতৰ দ্বাৰা লিখা একে নামৰ কাহিনীৰ ওপৰত আধাৰিত। লেখকজনে তেতিয়া আনকি সুশান্তক এটা টুইটৰ দ্বাৰা অন-বোৰ্ডলৈ স্বাগতমো জনাইছিল।কিন্তু শেষত চলচ্চিত্ৰখনত অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ বিপৰীতে অভিনেতা অৰ্জুন কাপুৰেহে অভিনয় কৰিছিল।
ৰোমিঅ' আকবৰ ৱাল্টাৰ
প্ৰযোজক বাণ্টি ৱালিয়া আৰু পৰিচালক ৰবি গ্ৰেৱালৰ একচন ছবিখনত সুশান্ত সিং ৰাজপুতে অভিনয় কৰাৰ কথা আছিল কিন্তু সময়সূচীৰ বাবে অভিনেতাজনে ছবিখনৰ পৰা বাদ পৰিছিল।
ইমানবোৰ ভাল চিনেমা হেৰুৱাৰ পিছত সুশান্ত সিং ৰাজপুতে কৈছিল,'মই বহুতো চলচ্চিত্ৰ কৰি আছিলো আৰু সেই সকলোবোৰ এতিয়া মুক্তি পাইছে। আটাইতকৈ ডাঙৰ ষ্টুডিঅ'ৰ কাৰণে মই কথা দিয়া সৰু ষ্টুডিঅ'ৰ চিনেমা খনক এৰি দিব নিবিচাৰোঁ।'
Comments
মণিপুৰত যুৱক-যুৱতীয়ে বয়োজ্যেষ্ঠ লোকৰ বাবে স্থাপন কৰিলে বিদ্যালয়
Published on June 14, 2021|News Source : অৰূপ ডেকা
আমোদজনক কথাটো হ'ল যে ক'ভিড মহামাৰীৰ ফলত দিল্লীৰ পৰা মণিপুৰলৈ উভতি অহা হাওৰেৰ নিজ ৭০ বছৰীয়া আইতাক গৰাকীয়েও বিদ্যালয়খনৰ এগৰাকী শিক্ষাৰ্থী। বৰ্তমান বয়োজ্যেষ্ঠ শিক্ষাৰ্থীসকলক বিদ্যালয়ত ১ ৰ পৰা ১,০০০ নম্বৰলৈ সংখ্যা লিখা, বৰ্ণমালা লিখা, নাম লিখা আদি বিভিন্ন প্ৰণালীৰ সৈতে যুৱক-যুৱতীসকলৰ দ্বাৰা পাঠ্যক্ৰমসমূহ পৰিচালনা কৰাই থকা হৈছে। লক্ষণীয়ভাৱে, এই বিশেষ বিদ্যালয়খনত বহুসংখ্যক বয়োজ্যেষ্ঠ লোকৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। যি তেওঁলোকৰ জীৱনত প্ৰথমতো পৰীক্ষা হিচাপে বিবেচিত হ'ব। আনহাতে বয়োজ্যেষ্ঠ লোকৰ বাবে বিদ্যালয় স্থাপন কৰা সন্দৰ্ভত চৰিথান হাওৰেই কয় যে, "বিদ্যৈলয়খনৰ বেশিসংখ্যক বয়োজ্যেষ্ঠ লোকে শৈশৱকালত প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল।