গুৱাহাটী,১৪ জুন:অভিনেত্ৰী কৰীণা কাপুৰ খান শেহতীয়াকৈ টুইটাৰত ট্রেণ্ডিং হৈ পৰিছে ।BoycottKareenaKhan নামৰ ষ্টেটাছেৰে ট্ৰেণ্ডিং হৈ পৰা এইগৰাকী মোহময়ী অভিনেত্ৰী গৰাকীৰ ওপৰত একপ্ৰকাৰে আক্ৰমণাত্মক হৈ পৰিছে ভাৰতবৰ্ষৰ চলচিত্ৰ অনুৰাগী সকল। কৰীণাই এই বছৰৰ ফেব্ৰুৱাৰীত তেওঁৰ দ্বিতীয় সন্তান জন্ম দিয়াৰ পিছত পুনৰ চলচ্চিত্ৰ জগতলৈ উভতি আহিবলৈ সাজু হৈছিল ।
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, কৰীণাই আহিবলগীয়া পৌৰাণিক যুগৰ কাহিনী 'ৰামায়ণ'ত সীতাৰ চৰিত্ৰত অভিনয় কৰিব। অলৌকিক দেশাইৰ দ্বাৰা পৰিচালিত, এই চলচ্চিত্ৰ খনত ৰামায়ণৰ কাহিনীৰ পুনৰাবৃত্তি কৰা হ'ব। অভিনেত্ৰীগৰাকীয়ে সাধাৰণতে তেওঁৰ চলচ্চিত্ৰৰ বাবে ৬-৮ কোটি টকা দাবী কৰে কিন্তু এইখন চলচিত্ৰৰ বাবে কৰীণাই ১২ কোটি টকা দাবী কৰিছে।
প্ৰতিবাদকাৰী সকলৰ মতে, সীতাৰ চৰিত্ৰত অভিনয় কৰিবলৈ ইমান উচ্চ মাচুল আদায় কৰি কৰীণাই হিন্দু সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিছে আৰু তেওঁৰ সলনি য়ামী গৌতম বা কংকণা ৰণাৱতক চুক্তিবদ্ধ কৰিব লাগে ।
Comments
মণিপুৰত যুৱক-যুৱতীয়ে বয়োজ্যেষ্ঠ লোকৰ বাবে স্থাপন কৰিলে বিদ্যালয়
Published on June 14, 2021|News Source : অৰূপ ডেকা
আমোদজনক কথাটো হ'ল যে ক'ভিড মহামাৰীৰ ফলত দিল্লীৰ পৰা মণিপুৰলৈ উভতি অহা হাওৰেৰ নিজ ৭০ বছৰীয়া আইতাক গৰাকীয়েও বিদ্যালয়খনৰ এগৰাকী শিক্ষাৰ্থী। বৰ্তমান বয়োজ্যেষ্ঠ শিক্ষাৰ্থীসকলক বিদ্যালয়ত ১ ৰ পৰা ১,০০০ নম্বৰলৈ সংখ্যা লিখা, বৰ্ণমালা লিখা, নাম লিখা আদি বিভিন্ন প্ৰণালীৰ সৈতে যুৱক-যুৱতীসকলৰ দ্বাৰা পাঠ্যক্ৰমসমূহ পৰিচালনা কৰাই থকা হৈছে। লক্ষণীয়ভাৱে, এই বিশেষ বিদ্যালয়খনত বহুসংখ্যক বয়োজ্যেষ্ঠ লোকৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। যি তেওঁলোকৰ জীৱনত প্ৰথমতো পৰীক্ষা হিচাপে বিবেচিত হ'ব। আনহাতে বয়োজ্যেষ্ঠ লোকৰ বাবে বিদ্যালয় স্থাপন কৰা সন্দৰ্ভত চৰিথান হাওৰেই কয় যে, "বিদ্যৈলয়খনৰ বেশিসংখ্যক বয়োজ্যেষ্ঠ লোকে শৈশৱকালত প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল।