গুৱাহাটী, ১৪জুন: কিৰন খেৰ আৰু অনুপম খেৰ ১৯৮৫ চনত বিবাহপাশত আৱদ্ধ হৈছিল। কিৰণ আৰু অনুপম খেৰৰ প্ৰথম সন্তান হ'ল চিকণ্ডৰ খেৰ। আনহাতে কিৰণ খেৰৰ প্ৰথম স্বামীৰ সৈতে বিচ্ছেদ কৰি অনুপমৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা ঘটনাটো হ'ল, প্ৰথম স্বামী আৰু কিৰণে বিবাহক লৈ সন্তুষ্টি হোৱা নাছিল। মূল ঘটনা অনুসৰি, "অভিনেত্ৰী কিৰণে যেতিয়া বোম্বাই (বৰ্তমানৰ মুম্বাই)ৰ চলচ্চিত্র জগতত প্ৰৱেশ কৰিছিল তেতিয়াই গৌতম বেৰীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। পৰৱৰ্তী সময়ত দুয়োগৰাকীয়ে বিবাহক লৈ সন্তুষ্টি হোৱা নাছিল। ঠিক তেনে সময়তে কিৰণে অনুপম খেৰৰ সৈতে চিনাকি হৈছিল। পৰৱৰ্তী সময়ত দুয়োগৰাকীয়ে বিবাহ পাশত আৱদ্ধ হয়।
আনহাতে অভিনয় কৰ্মজীৱনৰ পৰা অব্যাহতি লৈ কিৰণ খেৰে ৰাজনীতিৰ পথাৰখনত নামি পৰে আৰু সাংসদক পদত অধিস্থিত হ'বলৈ সক্ষম হয়। কিন্তু দুৰ্ভাগ্যবশতঃ কিৰণ খেৰ পৰৱৰ্তী সময়ত দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হয়। কিৰণ খেৰৰ জন্মদিন উপলক্ষে সকলো অনুৰাগীয়ে অভিনেত্রী তথা সাংসদ গৰাকীক শুভেচ্ছা বাৰ্তাৰে উপচাই পেলাইছে। বৰ্তমান কিৰণ খেৰ সম্পূৰ্ণ সুস্থ অৱস্থাত আছে আৰু শেহতীয়াকৈ কিৰণে ক'ভিড-১৯ ভেকছিনৰ দুয়োটা পালি গ্ৰহণ কৰিছে বুলি স্বামী অনুপম খেৰে জানিবলৈ দিয়ে।
Comments