গুৱাহাটী,১৪ জুন:আদানি গ্ৰুপৰ প্ৰতিষ্ঠাপক গৌতম আদানীয়ে আজি এঘণ্টাত ১০ বিলিয়ন ডলাৰ,ভাৰতীয় মূল্যত প্ৰায় ৭৩,২৫০ কোটি, টকা হেৰুৱায়। ইয়াৰ লগে লগে একপ্ৰকাৰে হাহাকাৰ লাগে আদানী গ্ৰুপত। ক'ভিড সংকটে আদানি গোটৰ ষ্টকসমূহক যথেষ্ট প্ৰভাৱ পেলাইছিল। ব্লুমবাৰ্গ বিলিয়নেয়াৰৰ সূচক অনুসৰি শুক্ৰবাৰলৈকে গৌতম আদানিৰ ব্যক্তিগত সম্পত্তিৰ মূল্য আছিল ৭৭ বিলিয়ন ডলাৰ (৫.৬৪ লাখ কোটি টকা)। শুকুৰবাৰে আদানি গ্ৰুপৰ মুঠ বজাৰ মূলধন আছিল ৯.৫ লাখ কোটি টকা, যাৰ ফলত অধ্যক্ষ গৌতম আদানি এছিয়াৰ দ্বিতীয় ধনী ব্যক্তি হৈ পৰিছিল,যিটো আজি তেওঁ হেৰুওৱাৰ সম্ভাৱনা আছে।
নেচনেল চিকিউৰিটিজ ডিপজিটৰী লিমিটেডে (এনএছডিএল) তালিকাভুক্ত আদানি প্ৰতিষ্ঠানৰ চাৰিটাত শ্বেয়াৰ থকা তিনিটা বিদেশী পৰ্টফলিঅ' ইনভেষ্টৰ (এফপিআই) একাউণ্ট ফ্ৰীজ কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতেই ব্যাপক লোকচানৰ সন্মুখীন হ'ব লগীয়া হয় আদানী গ্ৰুপ । সেই গ্ৰুপ কেইটা ক্ৰমে আলবুলা ইনভেষ্টমেণ্ট ফাণ্ড,কৃষ্টা ফাণ্ড আৰু এ.পি.এম.এছ ইনভেষ্টমেণ্ট ফাণ্ড ।
Comments
মণিপুৰত যুৱক-যুৱতীয়ে বয়োজ্যেষ্ঠ লোকৰ বাবে স্থাপন কৰিলে বিদ্যালয়
Published on June 14, 2021|News Source : অৰূপ ডেকা
আমোদজনক কথাটো হ'ল যে ক'ভিড মহামাৰীৰ ফলত দিল্লীৰ পৰা মণিপুৰলৈ উভতি অহা হাওৰেৰ নিজ ৭০ বছৰীয়া আইতাক গৰাকীয়েও বিদ্যালয়খনৰ এগৰাকী শিক্ষাৰ্থী। বৰ্তমান বয়োজ্যেষ্ঠ শিক্ষাৰ্থীসকলক বিদ্যালয়ত ১ ৰ পৰা ১,০০০ নম্বৰলৈ সংখ্যা লিখা, বৰ্ণমালা লিখা, নাম লিখা আদি বিভিন্ন প্ৰণালীৰ সৈতে যুৱক-যুৱতীসকলৰ দ্বাৰা পাঠ্যক্ৰমসমূহ পৰিচালনা কৰাই থকা হৈছে। লক্ষণীয়ভাৱে, এই বিশেষ বিদ্যালয়খনত বহুসংখ্যক বয়োজ্যেষ্ঠ লোকৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। যি তেওঁলোকৰ জীৱনত প্ৰথমতো পৰীক্ষা হিচাপে বিবেচিত হ'ব। আনহাতে বয়োজ্যেষ্ঠ লোকৰ বাবে বিদ্যালয় স্থাপন কৰা সন্দৰ্ভত চৰিথান হাওৰেই কয় যে, "বিদ্যৈলয়খনৰ বেশিসংখ্যক বয়োজ্যেষ্ঠ লোকে শৈশৱকালত প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল।