Choose Language

  • All  
  • English
  • অসমীয়া

এঘণ্টাতেই আদানী গ্ৰুপে হেৰুৱালে ৭৩,২৫০ কোটি টকা


Published on June 14, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

মণিপুৰত যুৱক-যুৱতীয়ে বয়োজ্যেষ্ঠ লোকৰ বাবে স্থাপন কৰিলে বিদ্যালয় 


Published on June 14, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১৪ জুন: মণিপুৰৰ চাত্ৰিক খুলেন গাঁৱত জেমচন হাওৰেই ট্ৰাষ্টৰ নেতৃত্বত বয়োজ্যেষ্ঠ লোকসকলৰ বাবে স্থানীয় যুৱক-যুৱতীসকলে এখন নতুন বিদ্যালয় নিৰ্মাণ কৰি উলিয়াইছে। য'ত বৰ্তমান সুন্দৰভাৱে শিক্ষাদান প্ৰক্ৰিয়া চলি আছে। চলিত বৰ্ষৰ আৰম্ভণিতে, হাওৰেই সপ্তম শ্ৰেণীৰ শিশুসকলৰ বাবে মৰুদ্যান একাডেমী প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত মে' মাহত, বিদ্যালয়খনত ২০ জন প্ৰাপ্তবয়স্ক শিক্ষাৰ্থীৰে শিক্ষাদানৰ পৰিসৰ বৃদ্ধি কৰা হৈছিল। 

আমোদজনক কথাটো হ'ল যে ক'ভিড মহামাৰীৰ ফলত দিল্লীৰ পৰা মণিপুৰলৈ উভতি অহা হাওৰেৰ নিজ ৭০ বছৰীয়া আইতাক গৰাকীয়েও বিদ্যালয়খনৰ এগৰাকী শিক্ষাৰ্থী। বৰ্তমান বয়োজ্যেষ্ঠ শিক্ষাৰ্থীসকলক বিদ্যালয়ত ১ ৰ পৰা ১,০০০ নম্বৰলৈ সংখ্যা লিখা, বৰ্ণমালা লিখা, নাম লিখা আদি বিভিন্ন প্ৰণালীৰ সৈতে যুৱক-যুৱতীসকলৰ দ্বাৰা পাঠ্যক্ৰমসমূহ পৰিচালনা কৰাই থকা হৈছে। লক্ষণীয়ভাৱে, এই বিশেষ বিদ্যালয়খনত বহুসংখ্যক বয়োজ্যেষ্ঠ লোকৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। যি তেওঁলোকৰ জীৱনত প্ৰথমতো পৰীক্ষা হিচাপে বিবেচিত হ'ব। আনহাতে বয়োজ্যেষ্ঠ লোকৰ বাবে বিদ্যালয় স্থাপন কৰা সন্দৰ্ভত চৰিথান হাওৰেই কয় যে, "বিদ্যৈলয়খনৰ বেশিসংখ্যক বয়োজ্যেষ্ঠ লোকে শৈশৱকালত প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল।

যদিও তেওঁলোকৰ ভিতৰত এগৰাকীয়ে সৰ্বোচ্চ চতুৰ্থ শ্ৰেণীলৈকে অধ্যয়ন কৰা বয়োজ্যেষ্ঠ লোক আছে। বিদ্যালয়খনত শিক্ষাদান কৰাই একমাত্ৰ উদ্দেশ্য নাছিল, কিয়নো সৰহসংখ্যক বয়োজ্যেষ্ঠ লোক কৃষিকাৰ্যৰ সৈতে জড়িত আৰু বেছিভাগেই তেওঁলোকৰ পৰিয়ালৰ পৰা আঁতৰত থাকে। গতিকে বিশেষ বিদ্যালয়খনত তেওঁলোকক শিক্ষা প্ৰদান কৰা মূল কাৰণ আছিল সামাজিকীকৰণৰ বাবে এক মঞ্চ প্ৰদান কৰা, কিয়নো ক'ভিড মহামাৰীৰ সময়ত মানসিক স্বাস্থ্য সুস্থিৰ কৰি ৰখাটো নিতান্তই প্ৰয়োজনীয়।"
 

Ad
Cartoon
View Older

 

February 1, 2023

most read news

    Entertainment
    View Older


    From Our Archive

    Create Account