গুৱাহাটী,১৬ জুন: নগালেণ্ড চৰকাৰে ৰাজ্যখনত অব্যাহত থকা লকডাউনৰ সময়সীমা পুনৰ ৩০ জুনলৈ বৃদ্ধি কৰে। এই সিদ্ধান্ত জিলা ক'ভিড টাস্ক ফ'ৰ্চৰ জৰিয়তে সংশ্লিষ্ট জিলাসমূহৰ পৰিস্থিতিক অনুধাবন কৰি লোৱা হৈছে বুলি চৰকাৰে জানিবলৈ দিয়ে। উক্ত বিষয় সন্দৰ্ভত ৰাজ্যখনৰ ক'ভিড-১৯ৰ চৰকাৰী মুখপাত্ৰ তথা বিধায়ক মমহোনলুমো কিকনে কয় যে, "ৰাজ্যৰ পৰিস্থিতি উন্নত হৈছে যদিও মহামাৰীৰ কবলৰ পৰা সম্পূৰ্ণ ভাৱে ওলাই আহিব পৰা হোৱা নাই। সেয়েহে ৰাজ্য চৰকাৰে লকডাউনৰ সময়সীমা পুনৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।"
বিধায়ক গৰাকীয়ে লগতে কয় যে, "ৰাজ্যিক ক'ভিড-১৯ উচ্চ পৰ্যায়ৰ সমিতিৰ পৰ্যালোচনা বৈঠকত লকডাউন সম্প্ৰসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। নগালেণ্ডত ১৪ মে'ৰ পৰা আৰম্ভ হোৱা লকডাউনৰ সময়সীমা ক'ভিড পৰিস্থিতি সাপেক্ষে বৃদ্ধি কৰি থকা হৈছে। অৱশ্যে, অত্যাৱশ্যকীয় সেৱা আৰু সামগ্ৰী পৰিবহন নিয়মিতভাৱে চলাচল কৰি আছে।
আনহাতে বিগত ২৪ ঘন্টাত ৰাজ্যখনত ১০১ জন লোক নতুনকৈ কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াকে লৈ ৰাজ্যখনত মুঠ আক্রান্তৰ সংখ্যা ২৩,৮৫৪ জনলৈ বৃদ্ধি পাইছে। লগতে কালি ৩ জন ক'ভিড আক্রান্ত ৰোগীৰ মৃত্যু হোৱাৰ ফলত ৰাজ্যখনত মুঠ ক'ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা ৪৪৫ জনলৈ বৃদ্ধি হৈছে। আনহাতে নগালেণ্ডত বিগত ২৪ ঘন্টা পৰ্যন্ত মুঠ ৩,৬৯,২৩৮ জন লোকক ক'ভিড ভেকছিন প্ৰদান কৰা হৈছে। ইয়াৰে ৫৪,৮৭৫ জন লোকে দ্বিতীয় পালি গ্ৰহণ কৰিছে আৰু ৩,১১,২৩৫ জন লোকে ক'ভিড ভেকছিনৰ প্রথম পালি গ্ৰহণ কৰিছে বুলি ৰাজ্যিক স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।।
Comments