গুৱাহাটী, ১৬ জুন: অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পন্টিঙে শেহতীয়াকৈ ৰাহুল দ্ৰাবিড় সন্দৰ্ভত এক ধেমেলীয়া মন্তব্য প্ৰদান কৰে। পন্টিঙে ধেমেলীয়া সুৰত ৰাহুল দ্ৰাবিড়ে কিদৰে ফুটবল খেলৰ জোতা পিন্ধি ক্ৰিকেটৰ নেট' অনুশীলন চলাইছিল তাৰ বিষয়ে বিৱৰণ আগবঢ়াইছে। ঘটনাটো ২০০৫ চনৰ আইচিচি ছুপাৰ চিৰিজৰ আগতে সংঘটিত হৈছিল, যেতিয়া অষ্ট্ৰেলিয়াৰ লগতে বিশ্বৰ আন ১১ টা দলৰ মাজত কেইবাখনো খেল অনুষ্ঠিত কৰা হৈছিল।
আনহাতে ক্ৰিকেট খেলৰ অনুশীলন সন্দৰ্ভত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক গৰাকীয়ে কয় যে, "অষ্ট্ৰেলিয়াৰ লগতে ভাৰতে ক্ৰিকেটৰ অনুশীলন চলাই থকা খেলপথাৰখন বৰষুণ পানীৰে ভিজি থকা বাবে ক্ৰিকেট খেলুৱৈ সকলক ক্ৰিকেটৰ জোতাৰ সলনি ফুটবল খেলৰ বুট জোতা পিন্ধিবলৈ নিৰ্দেশ দিয়া হৈছিল। কিয়নো পানীৰে ভিজি থকা ক্ৰিকেট খেলপথাৰখনত ক্ৰিকেটৰ জোতা পিন্ধি ফিল্ডিং কৰাটো অত্যন্ত কঠিন আছিল বুলি খেলুৱৈ গৰাকীয়ে জনাইছিল।
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক গৰাকীয়ে ৰাহুল দ্ৰাবিড়ক, বিশ্ব একাদশক প্ৰতিনিধিত্ব কৰা, নেটত ফুটবল জোতা পিন্ধি বেটিঙৰ অনুশীলন চলোৱা আদি বিভিন্ন হাষ্যকৰ কাহিনীসমূহৰ কথা মনত পেলাই ৰাহুল দ্ৰাবিড়ৰ সৈতে ধেমালি কৰে। আনহাতে, ফুটবলৰ বুট জোতা পিন্ধি অনুশীলন চলোৱাটো অত্যন্ত কঠিন আছিল বুলি দ্ৰাবিড়ে উল্লেখ কৰে। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক ৰিকি পন্টিংৰ এই হাষ্যকৰ ৰহস্যই ক্ৰিকেটৰ অনুৰাগী সকলক যথেষ্ট আমোদ প্ৰদান কৰিছে।
Comments