গুৱাহাটী, ১৬ জুন: চলচ্চিত্র জগতৰ একমাত্ৰ মহিলা মহাতাৰকা শ্ৰীদেৱীৰ জীয়ৰী জাহ্নৱী কাপুৰেও আজিকালি বলিউডত যথেষ্ট সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে। কেইবাখনো চলচ্চিত্রত সুন্দৰ অভিনয়ৰে দৰ্শকৰ মন মোহিত কৰা জাহ্নৱীয়ে শেহতীয়াকৈ ব্যক্তিগত টুইটাৰ একাউন্টত আপলোড কৰা কেইখনমান আলোকচিত্রই অনুৰাগীসকলক যথেষ্ট পৰিমাণে আমোদ প্ৰদান কৰিছে।
কিছু দিন পূৰ্বে জাহ্নৱীয়ে এজন ঘনিষ্ঠ বন্ধু অৰহান আৱতৰামনিৰ সৈতে সাগৰৰ তীৰলৈ ফুৰিবলৈ গৈছিল। তাত অভিনেত্রী গৰাকীয়ে কিদৰে বন্ধু গৰাকীৰ সৈতে সময় অতিবাহিত কৰিছিল, সেইসমূহ সুন্দৰ মূহুর্তৰ আলোকচিত্র অনুৰাগীসকলক প্ৰদৰ্শন কৰে। আলোকচিত্রত দেখিবলৈ পোৱা গৈছিল যে, দুয়োজনে হাতত হাত ধৰি সাগৰৰ তীৰত সূর্যাস্তৰ দিশত দৌৰি থকাৰ লগতে সাগৰৰ পানীত ছুটি কাপোৰ পিন্ধি আমোদজনকভাৱে নিজৰ দীঘল চুলিকোচাৰ সৈতে আকৰ্ষণীয় প'জ দি ফটো উঠিছিল। সাগৰৰ পাৰত থকা শিলৰ ওপৰত উঠি ফটোৰ বাবেও প'জ দিয়া দেখা যায়।
আনহাতে সাগৰৰ তীৰত ফুৰি আহি নিজৰ অভিজ্ঞতা প্ৰকাশ কৰি জাহ্নৱীয়ে নিজ ইনষ্টাগ্রাম একাউন্টত লিখিছিল যে, "মই এটা বগা বিকিনি টপ পিন্ধিছিলো আৰু এটা কঁকালৰ ওপৰলৈ অহা বাঘৰ প্ৰিণ্ট থকা বিকিনি বটম পিন্ধিছিলো। হয়তো ফটোকেইখনত সূৰ্যাস্তৰ বাবে কিছু অস্পষ্ট হোৱা দেখা গৈছে কিন্তু, সেই মূহুর্তখিনি মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব।" বৰ্তমান জাহ্নৱীৰ উক্ত পোষ্টটোত অনুৰাগীসকলে মন্তব্যৰে উপচাই পেলাইছে, লগতে বলিউড জগতৰ বিভিন্ন অভিনেতা-অভিনেত্ৰী তথা পৰিয়ালৰ ঘনিষ্ঠ সকলে প্ৰশংসাৰে উপচাই পেলোৱা পৰিলক্ষিত হৈছে।
Comments