Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5771

দেবঙ্গনা, নাতাশা আৰু ইকবালৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দিল্লী আৰক্ষী


Published on June 16, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

প্লাষ্টিকৰ বটলৰ ইটাৰ পৰা নিৰ্মিত বাসগৃহ, কংক্রিটৰে সজা বাসগৃহতকৈ ১২ গুণ বেছি শক্তিশালী


Published on June 16, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ১৬ জুন: শিল, বালি, চিমেন্টৰ সংমিশ্রণ কংক্রিটতকৈও  প্লাষ্টিকৰ বটলৰ  ইটাৰ দ্বাৰা নিৰ্মিত বাসগৃহ বেছি শক্তিশালী। এই কথা প্ৰমাণ কৰি দেখুৱালে নাইজেৰিয়াৰ গ্ৰাম্যাঞ্চলত কম দাম আৰু সেউজীয়া নিৰ্মাণ পদ্ধতিৰ সহায়ত নিৰ্মিত হোৱা কেইটামান বাসগৃহই। কিয়নো বালিৰে ভৰ্তি কৰা প্লাষ্টিক বটলৰ ইটাসমূহ জালিৰ কামেৰে নিৰ্মাণ কৰি, বাসগৃহ সমূহ নিৰ্মাণ কৰা হয় আৰু এই পদ্ধতিয়ে যথেষ্ট সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে। ভূমিকম্পৰ লগতে পিষ্টলৰ গুলী পাৰ হ'ব নোৱাৰা, এই বাসগৃহ বোৰৰ নিৰ্মাণ কাৰ্যত ব্যৱহৃত কেঁচা সামগ্ৰীবোৰ মূলতঃ বিনামূলীয়া, আৰু ইয়াৰ ফলত পথৰ কাষত জমা হোৱা আৱৰ্জনা সমূহৰ পৰাও সকাহ প্ৰদান কৰে।

পানী খাই পেলাই দিয়া প্লাষ্টিকৰ বটল পৃথিৱীৰ প্ৰায় যিকোনো দেশত, যিকোনো স্থানতে পোৱা যায়। আনহাতে, আফ্ৰিকাৰ নাইজেৰিয়াত  আটাইতকৈ ঘন জনবসতিপূৰ্ণ দেশ হোৱা বাবে ইয়াৰ বহনক্ষম নিৰ্মাণ ব্যৱসায়ত যথেষ্ট আৰ্থিক সমস্যাৰো সৃষ্টি হোৱা দেখা যায়। সেয়েহে নাইজেৰিয়াৰ লোকসকলে কংক্রিট অথবা সাধাৰণ ইটা ব্যৱহাৰৰ সলনি বটলৰ ভিতৰত মাটি,বালি ভৰাই নিৰ্মাণ কৰা ইটা ব্যৱহাৰ কৰে। যাক বটল-ইটা প্ৰযুক্তি বুলি কোৱা হয়, আৰু এইবোৰ সাধাৰণ ইটাতকৈ ১২ গুণ বেছি শক্তিশালী।

উত্তৰ-পশ্চিম নাইজেৰিয়াৰ ৰাজধানী ৰাজ্য কাদুনাত, প্ৰকল্পটোৰ আঁৰৰ ব্যক্তি গৰাকীয়ে বিদ্যালয়ৰ বাহিৰত বা নিবনুৱা যুৱক-যুৱতীসকলক, পৰম্পৰাগত বোকা প্ৰযুক্তিৰ আঠাৰ লগতে কিদৰে বালিৰে বটল ভৰ্তি কৰি বাহিৰটো জালৰ সৈতে সুৰক্ষিত কৰি তুলা হয়। ইয়াৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। ইয়াৰ ফলাফলটো যথেষ্ট আকৰ্ষণীয় আৰু দৰিদ্ৰ অঞ্চলসমূহত সাধাৰণ ইটা-বালিৰে নিৰ্মিত বাসগৃহতকৈ এক তৃতীয়াংশ কম খৰচতে নিৰ্মাণ কৰিব পৰা যাব বুলি প্ৰক্ল্পটোৰ মূল উদ্ভাৱক গৰাকীয়ে জানিবলৈ দিয়ে। 

লগতে উদ্ভাৱক গৰাকীয়ে জনায় যে, "প্ৰায় ১৪,০০০ প্লাষ্টিকৰ বটলৰ সহায়ত এটা সাধাৰণ আকাৰৰ বাসগৃহ তৈয়াৰ কৰিব পৰা যায়।" লগতে এই প্লাষ্টিক বটলৰ ইটা নিৰ্মাণ কৰা কোম্পানীটোৱে কিছু অতিৰিক্ত পুঁজি সুৰক্ষিত কৰাৰ লগতে উদ্যোগটো সম্প্ৰসাৰিত কৰিবলৈ প্ৰকল্পটোৰ সবিশেষ দৃষ্টি-ভংগী নাইজেৰিয়ান চৰকাৰৰ ওচৰত দাঙি ধৰিব আৰু চৰকাৰেও নিশ্চয় সঁহাৰি দিব বুলি কোম্পানীটোৱে আশা কৰিছে।


Published on January 1, 1970|News Source :
Cartoon
View Older

 

August 3, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account