লখিমপুৰ,১৬ঃ কাইলৈ লখিমপুৰত আহি উপস্থিত হবহি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । অসম -অৰুণাচল সীমান্তৰ ১২ টাকৈ পথৰ উদ্বোধন কৰিবৰ বাবেই আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকী । জানিব পৰা মতে কাইলৈ পোৱা ৯-৩০ বজাত দিল্লীৰ বিমান বন্দৰৰ পৰা এখন বিশেষ বিমানেৰে লখিমপুৰ লৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ।
উল্লেখ যে কাইলৈ দিনৰ ১২-২০ বজাত উত্তৰ লখিমপুৰ লীলাবাৰী বিমান বন্দৰৰ পৰা এখন বিশেষ হেলিকপ্টাৰেৰে ৰাওনা হৈ সীমান্তৱৰ্তী বিলগড় আই টি বি পিৰ হেলিপেডত অৱতৰণ কৰিব । মন্ত্ৰী গৰাকীয়ে তাতে উদ্বোধন কৰিব ১২টাকৈ পথৰ ।
উক্ত আটাইকেইটা পথ অৰুণাচলৰ বুলি জানিব পৰা গৈছে । পথ কেইটা উদ্বোধনৰ পাছতেই প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে অসম-অৰুণাচলৰ সীমান্তৰ ২কিলোমিটাৰ পথ পৰিদৰ্শন কৰিব । আই টি বি পিত আহাৰ গ্রহণৰ পাছতে মন্ত্ৰী গৰাকীয়ে সেনাবাহিনীৰ শীৰ্ষ বিষয়াৰে এক আলোচনাত মিলিত হব ।
২-৪৫ বজাত তেওঁ লখিমপুৰ লীলাবাৰী বিমান বন্দৰলৈ উভতি দিল্লীলৈ উৰা মাৰিব । কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও প্ৰতিৰক্ষা মন্ত্ৰীৰ কাৰ্যসূচীলৈ এখন বিশেষ হেলিকপ্টাৰেৰে কিমিনৰ আই টি বি পিত উপস্থিত হ’ব ।
Comments