গুৱাহাটী,১৭ জুন:অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণৰ নামত ঠিকাদাৰে ৰামঠগন দিলে আমগুৰি বিধান সভা সমষ্টিৰ চিন্তামণি গড়বাসীক।যিটো সময়ত চৰকাৰে ৰাজ্যৰ দৰিদ্ৰ লোক সকলক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰী বিভিন্ন উন্নয়নমুলক অভিলাষী আঁচনি সমুহ ৰূপায়ণ কৰি আহিছে তেনেসময়তে একাংশ ঠিকাদাৰে নিজৰ মইমতালি এৰা নাই। একাংশ দালাল আৰু ঠিকাদাৰে এই আঁচনিৰ গইনা লৈ সাধাৰণ ৰাইজক ৰামঠগন দি আহিছে।
আমগুৰি বিধান সভা সমষ্টিৰ খনামুখ পঞ্চায়তৰ অন্তৰ্গত চিন্তামণি গড়ৰ আন লোকসকলৰ দৰে মামণি কৰ্মকাৰেও অনাময় আঁচনিৰ জৰিয়তে এটা শৌচাগাৰ লাভ কৰিছিল, কিন্তু লুণ্ঠনকাৰী ঠিকাদাৰে ৰামঠগন দিয়ে হিতাধিকাৰী মহিলা গৰাকীক। অত্যন্ত নিম্ন মানদণ্ডৰে আধৰুৱা কৈ নিৰ্মাণ কৰি এৰি দিলে শৌচাগাৰ। ঠিকাদাৰৰ এনে দুৰ্নীতিৰ বাবে এতিয়া উপায়ন্তৰ হৈ পৰিছে মামণিৰ দৰে অসংখ্য দৰিদ্ৰ পৰিয়াল ।
এফালে চৰকাৰে খাতি খোৱা দৰিদ্ৰলোক সকলক আঁচনিৰ নামত আশ্বাস প্ৰদান আনফালে সেই আচঁনি ৰূপায়নৰ নামতেই ঠিকদাৰে ৰামঠগন দিছে দৰিদ্ৰ পৰিয়ালক।
Comments
মণিপুৰত যুৱক-যুৱতীয়ে বয়োজ্যেষ্ঠ লোকৰ বাবে স্থাপন কৰিলে বিদ্যালয়
Published on June 14, 2021|News Source : অৰূপ ডেকা
আমোদজনক কথাটো হ'ল যে ক'ভিড মহামাৰীৰ ফলত দিল্লীৰ পৰা মণিপুৰলৈ উভতি অহা হাওৰেৰ নিজ ৭০ বছৰীয়া আইতাক গৰাকীয়েও বিদ্যালয়খনৰ এগৰাকী শিক্ষাৰ্থী। বৰ্তমান বয়োজ্যেষ্ঠ শিক্ষাৰ্থীসকলক বিদ্যালয়ত ১ ৰ পৰা ১,০০০ নম্বৰলৈ সংখ্যা লিখা, বৰ্ণমালা লিখা, নাম লিখা আদি বিভিন্ন প্ৰণালীৰ সৈতে যুৱক-যুৱতীসকলৰ দ্বাৰা পাঠ্যক্ৰমসমূহ পৰিচালনা কৰাই থকা হৈছে। লক্ষণীয়ভাৱে, এই বিশেষ বিদ্যালয়খনত বহুসংখ্যক বয়োজ্যেষ্ঠ লোকৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। যি তেওঁলোকৰ জীৱনত প্ৰথমতো পৰীক্ষা হিচাপে বিবেচিত হ'ব। আনহাতে বয়োজ্যেষ্ঠ লোকৰ বাবে বিদ্যালয় স্থাপন কৰা সন্দৰ্ভত চৰিথান হাওৰেই কয় যে, "বিদ্যৈলয়খনৰ বেশিসংখ্যক বয়োজ্যেষ্ঠ লোকে শৈশৱকালত প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল।