গুৱাহাটী, ১৭ জুন: কেন্দ্ৰই বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে সময় উকলি যোৱা ড্ৰাইভিং লাইচেঞ্চ, বাহনৰ পঞ্জীয়ন প্ৰমাণপত্ৰ, ফিটনেছ প্ৰমাণপত্ৰৰ লগতে সকলো ধৰণৰ পাৰ্মিটৰ বৈধতা ৩০ ছেপ্টেম্বৰ তাৰিখলৈকে বৃদ্ধি কৰিছে। কিয়নো ক'ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত কাৰ্য্যলয় সমূহ বন্ধ হৈ থকাত কোনো ধৰণৰ নথিপত্ৰ অথবা অনুজ্ঞাপত্ৰৰ নৱীকৰণ কৰিব পৰা ন'গল। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে পৰিবহন বিভাগসমূহক বিগত বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা উকলি যোৱা নথিপত্ৰ ব্যৱহাৰ কৰি থকা বাহন চালকসকলৰ বিৰুদ্ধে মোকৰ্দমা চলাবলৈ নিৰ্দেশ দিছিল।
য'ত বৈধ অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলালে ৫,০০০ টকা জৰিমনা আদায় কৰিবলৈ, লগতে অন্যান্য অবৈধ নথিপত্ৰৰ (পঞ্জীয়ন প্ৰমাণপত্ৰ) বাবদ ৫,০০০ টকা জৰিমনা, পাৰমিটৰ বাবদ ১০,০০০ টকাৰ জৰিমনা আৰু ফিটনেছ প্ৰমাণপত্ৰৰ বাবদ ২০০০ৰ পৰা ৫০০০ টকা পৰ্যন্ত জৰিমনা বিহাৰ নিৰ্দেশ দিয়া হৈছিল।বিষয়াসকলে স্পষ্ট কৰিছিল যে ম্যাদ উকলি যোৱা প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণপত্ৰসমূহক তেওঁলোকৰ বৈধতাত সম্প্ৰসাৰণ দিয়া হোৱা নাই।
সদ্যহতে ক'ভিড-১৯ ৰ ভয়ংকৰ পৰিস্থিতিৰ কথা বিবেচনা কৰি সকলো বাহনৰ নথিপত্ৰৰ বৈধতা চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰ পৰ্যন্ত বৈধ বুলি গণ্য কৰা হ'ব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। মন্ত্ৰালয়ে, "মটৰ পৰিবহন আইন, ১৯৮৮ আৰু কেন্দ্ৰীয় মটৰ বাহন নিয়ম, ১৯৮৯ৰ অধীনত ফিটনেছ, পাৰ্মিট, লাইচেঞ্চ, পঞ্জীয়ন বা অন্যান্য নথিপত্ৰৰ বৈধতা ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে।
Comments