গুৱাহাটী, ১৭ জুন: জাপানত উপলব্ধ হোৱা "মিয়াজাকি" নামৰ বিশ্বৰ আটাইতকৈ ব্যয়বহুল আমবিধৰ বাবে সদ্যহতে মধ্য প্ৰদেশৰ এহাল দম্পতীয়ে আমৰ খেতিদৰাৰ সুৰক্ষাৰ বাবে নিৰাপত্তাৰক্ষী আৰু কুকুৰ নিয়োগ কৰিব লগীয়া হৈছে। জাপানৰ কিউচু প্ৰিফেকচাৰৰ মিয়াজাকি চহৰত খেতি কৰা হয় বাবেই আমবিধৰ নাম মিয়াজাকি ৰখা হৈছে। আনহাতে, মধ্য প্ৰদেশৰ দম্পতিহালে ৰে'লযোগে ঘৰলৈ আহি থকা যাত্ৰাকালত এগৰাকী ব্যক্তিয়ে এই আম গছৰ পুলিটো উপহাৰ স্বৰূপে প্ৰদান কৰিছিল।
মিয়াজাকি আমবিধৰ বিশেষত্ব হ'ল, ইয়াৰ ৰূপ আৰু ৰং অতুলনীয়। সূৰ্যৰ দৰে সাদৃশ্য থকা বাবে এই আমবিধক জাপানীসকলে "টাইয়ো-নো-টামাগো" সূৰ্যৰ কণী বুলিও কয়। মিয়াজাকি আমৰ ওজন ৩৫০ গ্ৰামতকৈ অধিক হয় আৰু ইয়াত ১৫ শতাংশতকৈ অধিক পৰিমাণত শৰ্কৰা থাকে। জাপানৰ মিয়াজাকি চহৰৰ স্থানীয় সামগ্ৰী আৰু বাণিজ্য প্ৰচাৰ কেন্দ্ৰৰ মতে, এপ্ৰিল আৰু আগষ্টৰ ভিতৰত এই আমবিধৰ খেতি কৰা হয়, কিয়নো এই সময়চোৱাত আমবিধ সৰ্বাধিক হাৰত লাগিবলৈ ধৰে।
আনহাতে ব্যয়বহুলতাৰ ক্ষেত্রত ক'বলৈ গ'লে মিয়াজাকি আমবিধৰ বিগত বৰ্ষত আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি কিলোগ্ৰামত ২.৭০ লাখ টকাত বিক্ৰী হৈছিল।জাপানৰ বাণিজ্য প্ৰচাৰ কেন্দ্ৰৰ মতে মিয়াজাকি হৈছে এক প্ৰকাৰৰ "আৰউইন" আম যি দক্ষিণ-পূব এছিয়াত বহুলভাৱে উৎপন্ন হোৱা হালধীয়া "পেলিকান আম"তকৈ পৃথক। মিয়াজাকিৰ আম সমগ্ৰ জাপানত হয়, আৰু ওকিনাৱাৰ পিছত জাপানত তেওঁলোকৰ উৎপাদনৰ পৰিমাণ দ্বিতীয়। এই আমবোৰত এণ্টিঅক্সিডেণ্ট সমৃদ্ধ আৰু ইয়াত বিটা-কেৰোটিন আৰু ফলিক এচিড থাকে, যি চকুৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰাৰ লগতে তেজত ৰক্ত কণিকা বৃদ্ধি হোৱাত সহায় কৰে।
জাপানৰ স্থানীয় বাতৰিত প্ৰকাশিত তথ্য অনুসৰি মিয়াজাকি চহৰত ৭০ ৰ দশকৰ শেষৰ ফালে আৰু ৮০ ৰ দশকৰ আৰম্ভণিতে এই আমবিধৰ উৎপাদন আৰম্ভ হৈছিল। চহৰখনৰ গৰম বতৰ, দীর্ঘ সময়ৰ বাবে উপলব্ধ থকা সূৰ্যৰ পোহৰ আৰু প্ৰচুৰ পৰিমাণত হোৱা বৰষুণৰ বাবে মিয়াজাকি চহৰৰ কৃষকসকলে এই আমবিধৰ খেতি কৰাটো সম্ভৱপৰ হৈ পৰিছিল। বৰ্তমানৰ সময়ত মিয়াজাকি চহৰৰ বিখ্যাত আৰু সবাতোকৈ ব্যয়বহুল মিয়াজাকি আমবিধ আন্তঃৰাষ্ট্ৰীয় বজাৰত অতিকৈ প্ৰভাৱশালী। মিয়াজাকি আমবোৰ প্ৰায়ে জ্বলন্ত ৰঙা ৰঙৰ হয় আৰু ইয়াৰ আকৃতি ডাইন'চৰৰ কণীৰ সৈতে সাদৃশ্য দেখা যায়।
Comments