গুৱাহাটী, ১৬ জুন: এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হৈ উড়িষা চৰকাৰে তৃতীয় লিঙ্গৰ সম্প্ৰদায়ক ৰাজ্যিক আৰক্ষী বিভাগত কনিষ্টবল আৰু উপ-পৰিদৰ্শকৰ পদৰ বাবে আবেদন কৰিবলৈ অনুমতি প্ৰদান কৰিছে। উড়িষা আৰক্ষীয়ে সদ্যহতে উপ-পৰিদৰ্শক আৰু কনিষ্টবল পদৰ নিযুক্তিৰ বাবে আৱেদন পত্ৰ মুকলি কৰিছে আৰু তৃতীয় লিঙ্গৰ ব্যক্তি সকলক এই খালী পদসমূহৰ বাবে আৱেদন পূৰ কৰি জমা দিবলৈ এক জাননী প্ৰদান কৰা হৈছে।
উড়িষা আৰক্ষী নিযুক্তি ব'ৰ্ডে ৪৭৭ জন উপ-পৰিদৰ্শক আৰু ২৪৪ জন কনিষ্টবল (যোগাযোগ) নিযুক্তিৰ বাবে পুৰুষ, মহিলা আৰু তৃতীয় লিঙ্গৰ ব্যক্তি সকলৰ পৰা অনলাইন আৱেদন বিচাৰিছিল। আৱেদন পৰ্টেলটো ২২ জুনৰ পৰা ১৫ জুলাইলৈ খোলা থাকিব বুলি আৰক্ষী বিভাগে জানিবলৈ দিয়ে।
এই সিদ্ধান্তক আদৰণি জনাই অল উড়িষা ট্ৰেন্সজেণ্ডাৰ ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ অধ্যক্ষ মীৰা পৰিদাই কয় যে, "লিংগ সমতা আৰু কিন্নৰ সম্প্ৰদায়ৰ বিকাশৰ দিশত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে সকলো তৃতীয় লিঙ্গৰ ব্যক্তি সমাজে মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগক ধন্যবাদ জ্ঞাপন কৰিছে। এই পদক্ষেপৰ ফলত কিন্নৰসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰাই নহয়, তেওঁলোকৰ প্ৰতি থকা সমাজৰ অন্য লোকৰ চিন্তা-ধাৰাও সলনি কৰিবলৈ সক্ষম হ'ব।
Comments