গুৱাহাটী,১৮ জুন:শুকুৰবাৰে বিধানসভা সচিবালয়ত আহি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত নিজৰ বিধায়ক পদৰ পদত্যাগৰ পত্ৰ দাখিল কৰে মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। চর্চা অনুযায়ী তেওঁ শীঘ্ৰেই বিজেপিত যোগদান কৰিব।বিধায়ক পদ ত্যাগ কৰিবলৈ আহি উপস্থিত হোৱাৰে পৰা তেওঁক সংগ দিয়া দেখা যায় মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব, বিধায়ক তথা একালৰ সতীৰ্থ জয়ন্তমল্ল বৰুৱাক ৷
ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগক কংগ্ৰেছ দলটোৰ বাবে বৃহৎ ক্ষতি বুলি আখ্যা দিছে মন্ত্ৰী পীযুষ হাজৰিকাই । তেওঁ কয়,"ৰূপজ্যোতি কুৰ্মী যিটো ৰাজনৈতিক দলত থাকিব, তেওঁ সেইটো ৰাজনৈতিক দলৰ বাবে সম্পদ । কাৰণ তেওঁ এজন যুঁজাৰু নেতা । তেওঁ কথা ক'বলৈ ভয় নকৰে" ।
তেওঁ লগতে কয় যে,'ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগ আচলতে কংগ্ৰেছ দলটোৰ বাবে বৃহৎ ক্ষতি । সেই কথা কংগ্ৰেছ নেতৃত্বই মানি লওক বা নলওক । বৰং তেওঁ যি দলত থাকিব, সেই দলৰ বাবে তেওঁ সম্পদ স্বৰূপ হৈ পৰিব।'
পীযুষ হাজৰিকাই লগতে কয় যে, কংগ্ৰেছত শেষলৈকে এনে দুই এজন লোক হয়তো ৰৈ যাব যিসকলক আন কোনো দলে গ্ৰহণ নকৰে ।
Comments