গুৱাহাটী, ১৮ জুন: ইণ্ডোনেছিয়াত শেহতীয়াকৈ ধৰা পৰিছে যে গ্ৰীষ্মকালীন ঋতুত মহবোৰৰ শৰীৰত ৱ'লবাচিয়া বেক্টেৰিয়াৰ উৎপন্ন হয়, আৰু এই মহে কামোৰৰ ফলত ডেংগু জ্বৰ সংক্ৰমণৰ হাৰ ৭৭ শতাংশ হ্ৰাস পাইছে বুলি বিজ্ঞানী সকলে উল্লেখ কৰিছে। ৱলবাচিয়া হৈছে জৈৱমণ্ডলত থকা আটাইতকৈ সিঁচৰিত হৈ পৰা প্ৰজনন কৰা পৰজীৱী, আৰু ইয়াৰ জীৱাণু সকলো পতংগৰ প্ৰজাতিয়ে ২০ ৰ পৰা ৭০ শতাংশ বহন কৰে। আনহাতে ৱ'লবাচিয়া বেক্টেৰিয়া উৎপন্ন ফলত মহামাৰীৰ সম্ভাৱ্য নিয়ন্ত্ৰণত নতুন দুৱাৰ মুকলি হৈছে বিজ্ঞানীসকলে জানিবলৈ দিয়ে।
ডেংগু সংক্ৰমণৰ ফলত শৰীৰত হোৱা তীব্ৰ গাঁঠি আৰু পেশীৰ বিষৰ সৃষ্টি হয়। ডেংগু মুখ্যতঃ ৱেষ্ট নাইল মহৰ এডিছ ইজিপ্টাইৰ জৰিয়তে বিয়পি পৰে আৰু প্ৰায় এমাহ পৰ্যন্ত এজন ব্যক্তিক দুৰ্বল কৰি ৰাখিব পাৰে। সমগ্র বিশ্বজুৰি প্ৰত্যক বছৰত ১০০ ৰ পৰা ৪০০ নিযুত লোক ডেংগুৰ দ্বাৰা আক্রান্ত হয়। ইণ্ডোনেছিয়াৰ যোগাকাৰ্তা চহৰখন এই মহৰ পৰীক্ষণ সম্পন্ন কৰা হৈছিল।
আনহাতে ডেংগু হ্ৰাস কৰাৰ মূখ্য যুক্তি সন্দৰ্ভত বিজ্ঞানীসকলে কয় যে, "ৱলবাচিয়া নামৰ এই "অলৌকিক" বেক্টেৰিয়াটো ঠিক সেই মহত বাস কৰে য'ত ডেংগুৰ বীজাণু প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে, ইয়াৰ ফলত খাদ্যৰ বাবে দুয়োটা বীজাণুৰ প্ৰতিযোগিতা হয়। ইয়াৰ ফলত ৱ'লবাচিয়াই ডেংগুক প্ৰতিযোগিতাত বাহিৰ কৰি বীজাণুৰ সাম্ৰাজ্য সৃষ্টি কৰাত বাধা দিয়ে। বিজ্ঞানীসকলে বৰ্তমান এই বেক্টেৰিয়াৰ কৃত্রিম ভাৱে উৎপন্ন কৰি ডেংগুৰ বিৰুদ্ধে চিকিৎসা কাৰ্য্যত ব্যৱহাৰ কৰাৰ বাবে পৰীক্ষা চলাই আছে।
Comments
বিয়াৰ দুদিন পিছতে পত্নীয়ে স্বামীৰ প্ৰাক্তন পত্নীক দান কৰিলে বৃক্ক
Published on June 18, 2021|News Source : অৰূপ ডেকা
ডেবি আৰু জিম ষ্ট্ৰিকলেণ্ড প্ৰায় এটা দশক ধৰি এটা নিষ্ঠাৱান দম্পতী হিচাপে সময় অতিবাহিত কৰিছিল। তেওঁলোকৰ প্ৰেমৰ সময়ছোৱাত, জিমে তেওঁৰ প্ৰাক্তন পত্নী মাইলেন মেৰ্থেৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছিল, লগতে তেওঁলোকৰ দুই সন্তানক কোনো কষ্ট নোহোৱাকৈ ডাঙৰ-দীঘল কৰিছিল।
সেয়েহে ডেবিয়ে এই সকলোবোৰ কথা চিন্তা কৰি বিয়া হোৱা মাত্ৰ দুদিন পিছতে নিজ শৰীৰৰ এটি বৃক্ক স্বামীৰ প্ৰাক্তন পত্নী গৰাকীক দান কৰি নতুন জীৱন প্ৰদান কৰে।বৰ্তমানে সফল বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছত সকলোৱে মাইলেন আৰু ডেবিক এটি বান্ধোনত সাঙুৰি "বৃক্ক ভগ্নী" হিচাপে নামাংকিত কৰিছে।আনহাতে মাইলেনেও নতুন জীৱন পাই নাতি জেকচনৰ লগতে জী-জোৱাইৰ সৈতে সুখত দিন কটাবলৈ আৰম্ভ কৰিছে।