গুৱাহাটী,১৮ জুন: অজি জনতা ভৱনত দুপৰীয়া ৩ বজাৰ পৰা অনুষ্ঠিত হোৱা শিক্ষা বিভাগৰ এক ৰূদ্ধদ্বাৰ বৈঠকৰ অন্তত দশম শ্রেণীৰ মেট্রিক পৰীক্ষা আৰু দ্বাদশ শ্রেণীৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। আছুসহ কেইবাটাও দল-সংগঠনৰ নেতৃত্বৰ সৈতে হোৱা শিক্ষা বিভাগৰ এই বৈঠক খনত ড° ৰণোজ পেগুৱে হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাইমাদ্ৰাছা পৰীক্ষা আৰু দ্বাদশ শ্রেণীৰ চূড়ান্ত পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ক'ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত অসমৰ স্বাস্থ্য বিভাগৰ পৰামর্শ অনুসৰি আজি শিক্ষা বিভাগে ২০২১ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা বাতিল কৰে বুলি শিক্ষা মন্ত্রী ৰণোজ পেগুৱে জানিবলৈ দিয়ে।
লগতে পৰৱৰ্তী সময়ত শিক্ষা বিভাগে দুখন সমিতি গঠন কৰি চিহ্নিতকৰণ প্ৰণালী প্ৰস্তুতকৰণৰ দ্বাৰা ৩১ জুলাইৰ ভিতৰত ফলাফলসমূহ ঘোষণা কৰিব বুলি শিক্ষা মন্ত্রী গৰাকীয়ে জানিবলৈ দিয়ে।
Comments