Choose Language

  • All  
  • English
  • অসমীয়া

ভাৰতৰ মহান দৌৰবিদ মিলখা সিঙৰ দেহাৱসান


Published on June 19, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

ক্ৰমাৎ সুস্থিৰ হৈ উঠিছে দৌৰবিদ মিলখা সিং


Published on May 26, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ২৬ মে': বিগত সপ্তাহত ক'ভিড-১৯ত আক্রান্ত হোৱা হিচাপে  কিংবদন্তী দৌৰবিদ মিলখা সিঙক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত ক্ৰমাৎ সুস্থিৰ হৈ উঠা খৱৰ পোৱা গৈছে। 

২৪ মে' তাৰিখে মিলখা সিঙক সু-চিকিৎসা প্ৰদানৰ বাবে ম'হালিৰ ফৰ্টিছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মিলখাই বিগত সপ্তাহত কৰ'না ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈ চণ্ডিগড়ৰ নিজ বাসগৃহতে হ'ম কোৱৰেন্টিনত আছিল। 

ফ্লাইং শিখ হিচাপে জনাজাত মিলখা সিং এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত ৪০০ মিটাৰত স্বৰ্ণ জয় কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈ। দৌৰবিদ গৰাকীয়ে ১৯৫৮ আৰু ১৯৬২ চনৰ এছিয়ান গেমছতো সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

লগতে ১৯৫৬ চনত মেলবৰ্ণৰ গ্ৰীষ্মকালীন অলিম্পিক, ৰ'মৰ ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিক আৰু ১৯৬৪ চনত টকিঅ'ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। দৌৰবিদ মিলখা সিঙৰ ক্ৰীড়া জগতত সাফল্য অর্জনৰ স্বীকৃতিস্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে বিভূষিত কৰা হৈছে। 

শেষত পুত্ৰ জীৱ মিলখা সিঙে পিতৃৰ সকলো অনুৰাগীক শুভকামনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে পিতৃ মিলখা সিঙে উন্নত মানৰ চিকিৎসা লাভ কৰি আছে বুলি জানিবলৈ দিয়ে।

most read news
    Cartoon
    View Older

     

    January 25, 2022


    Entertainment
    View Older


    From Our Archive

    Create Account