Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5807

এতিয়াৰে পৰা দৈনিক ৩ লাখ লোকে ল'ব পাৰিব ভেকছিনৰ পালি


Published on June 19, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

ভাৰতৰ মহান দৌৰবিদ মিলখা সিঙৰ দেহাৱসান


Published on June 19, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী,১৯ জুন: ভাৰতৰ কিংবদন্তী দৌৰবিদ মিলখা সিঙে ক'ভিড-১৯ মহামাৰীৰ সৈতে প্ৰায় এমাহ কাল যুজ দি সুস্থ হৈ উঠা পিছতে শুকুৰবাৰে নিশা হঠাতে স্বাস্থ্যৰ অৱনমিত হৈ আৰু পিছত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ। মহান দৌৰবিদ গৰাকীৰ পত্নী নিৰ্মল কৌৰ কিছুদিন পূর্বে ক'ৰনা ভাইৰাছত আক্রান্ত হৈ মৃত্যু হ'বলগীয়া হয়। আনহাতে, তেওঁৰ পুত্ৰ জীৱ মিলখা সিং আৰু তিনিজনী কন্যা ক'ৰনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈ সুস্থ হৈ উঠিছিল। 

মিলখা সিঙক ৩ জুনত ক'ভিড-১৯ত আক্রান্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। পৰৱৰ্তী সময়ত ক'ৰনা ভাইৰাছৰ পৰীক্ষাত নিগেটিভ হিচাপে চিনাক্ত হোৱাত ক'ভিড আই চি ইউ ৰ পৰা স্থানান্তৰিত কৰা হৈছিল। অৱশ্যে, পৰৱৰ্তী সময়ত জ্বৰ হোৱাত আৰু অক্সিজেনৰ মাত্ৰা হ্রাস পোৱাত পুনৰ পি জি আই এম ই আৰ চিকিৎসালয়ৰ ইনটেনচিভ কেয়াৰ ইউনিটত(আইচিইউ) ভৰ্তি কৰোৱা হয়।

চাৰিবাৰৰ এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী আৰু ১৯৫৮ চনৰ কমনৱেলথ গেমছ চেম্পিয়ন কিংবদন্তি খেলুৱৈগৰাকীয়ে ১৯৬০ চনৰ ৰোম অলিম্পিকত ব্ৰঞ্জৰ পদক এক ছেকেণ্ডৰ বাবে হেৰুৱাইছিল। আনহাতে, ইটালিয়ান কেপিটেলত মিলখা সিঙৰ ৩৮ বছৰৰ বাবে গঢ়ি থোৱা ৰাষ্ট্ৰীয় অভিলেখ পৰৱৰ্তী সময়ত পৰমজিৎ সিঙে ১৯৯৮ চনত ভংগ কৰিছিল। তেওঁ ১৯৫৬ আৰু ১৯৬৪ চনৰ অলিম্পিকতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু ১৯৫৯ চনত মহান দৌৰবিদ গৰাকীক পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল।
 

Cartoon
View Older

 

August 5, 2021


Entertainment
View Older


From Our Archive

Create Account