Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5807

ক'ভিড-১৯ৰ এন্টিভাইৰেল ঔষধৰ বাবদ আমেৰিকাই বিনিয়োগ কৰিব ৩ বিলিয়ন ডলাৰ


Published on June 19, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

শ্রীলঙ্কাই ক'ভিড-১৯ত আক্রান্ত সিংহৰ চিকিৎসাৰ বাবে ভাৰতৰ পৰা বিচাৰিলে সহায়ৰ হাত


Published on June 19, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী,১৯ জুন: শ্রীলঙ্কাৰ ৰাষ্ট্ৰীয় চিৰিয়াখানা বিভাগে এটা সিংহ ক'ভিড-১৯ ৰ পৰীক্ষাত পজিটিভ হিচাপে চিনাক্ত হোৱা পৰিপ্ৰেক্ষিতত সু-চিকিৎসাৰ বাবে ভাৰতৰ পশু চিকিৎসকৰ সহায় বিচাৰিছে, আৰু উক্ত সংক্ৰমিত সিংহটোৱে হৈছে শ্রীলঙ্কাৰ প্ৰথমটো ক'ভিড-১৯ত আক্ৰান্ত হোৱা বন্যপ্ৰাণী। ইয়াৰ পূৰ্বেও ২০১৩ চনত চিউল চিৰিয়াখানাৰ পৰা উপহাৰ দিয়া ১১ বছৰীয়া থৰ নামৰ সিংহটোৰ চিকিৎসাৰ বাবে ভাৰতীয় কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ পশু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। 

শ্রীলঙ্কাৰ ৰাষ্ট্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষই জনায় যে, "থৰে উশাহ-নিশাহ লোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল আৰু খাদ্য খাবলৈ অমান্তি হৈছিল। তেতিয়া, শ্ৰীলংকাৰ দেহিৱালা চিৰিয়াখানাৰ কৰ্তৃপক্ষই সিংহটোৰ ক'ভিডৰ পৰীক্ষাত পজিটিভ হিচাপে চিনাক্ত কৰে। আনহাতে চিৰিয়াখানা সঞ্চালক প্ৰধান ঈশাইমিনী বিক্ৰমসিংহে কয় যে, "প্ৰাৰম্ভিক এণ্টিজেন পৰীক্ষাৰ ফলাফল নিগেটিভ হোৱাৰ পিছত সিংহটো প্ৰকৃততে ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল নে নাই, নিশ্চিত কৰিবলৈ কেইবাটাও পিচিআৰ পৰীক্ষা সম্পন্ন কৰা হয়। 

বৰ্তমান চিৰিয়াখানা খনত ক'ভিড পজিটিভ হোৱা সিংহটোৰ পৰা আন চাৰিটা সিংহক পৃথককৈ ৰখা হৈছে বুলি  কৰ্তৃপক্ষই জানিবলৈ দিয়ে। আনহাতে, ভাৰতত চলিত মাহত কমেও দুটা সিংহ ক'ভিড-১৯ত আক্রান্ত হৈ মৃত্যুবৰণ কৰিব লগীয়া হৈছে। ইয়াৰে প্ৰথমটো তামিলনাডু চিৰিয়াখানাৰ বছৰীয়া এজনী মাইকী সিংহ, আৰু ১২ বছৰীয়া এটা মতা সিংহ। বৰ্তমান তামিলনাডু বনবিভাগ কৰ্তৃপক্ষই এটা নিৰ্দিষ্ট অঞ্চল চিনাক্ত কৰি সকলো বন্যপ্রাণীসমূহৰ লগতে হাতীসমূহৰো ক'ৰনাৰ অৱস্থিতি ধৰা পেলাবলৈ বা প্ৰকৃতাৰ্থত পজিটিভ হয় নে নহয় চিনাক্ত কৰিবলৈ ক'ভিড পৰীক্ষা চলাই আছে। 

ইতিমধ্যে, শ্রীলঙ্কাই ক'ভিড মহামাৰীৰ তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰিবলৈ আগতীয়াকৈ প্ৰস্তুতি সম্পূর্ণ ভাৰতীয় যাত্ৰীসকলৰ দেশখনলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰিছে। দেশখনত সম্প্রতি ২,৪২৫ জন লোকৰ ক'ভিড আক্রান্ত হৈ মৃত্যু হ'বলগীয়া হৈছে, লগতে ২,৩৩,০০০ জনৰো অধিক লোক ক'ৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। বৰ্তমান সমগ্র দেশখন এমাহ ধৰি লকডাইনৰ কৱলত আছে।

Cartoon
View Older

 

August 5, 2021


Entertainment
View Older


From Our Archive

Create Account