Classifieds
View All
ডিব্ৰুগড়, ১৭ জুন: ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীব শইকীয়াসহ এটা আৰক্ষীৰ দলে চহৰখনত পেট্ৰলিং কৰি থকা অৱস্থাত এ এচ ০৬ জে ৫৮৬৩ নম্বৰৰ এখন বাহন চহৰখনৰ এইচ এচ ৰোডত সন্দেহজনকভাৱে ঘুৰি থকা প্ৰত্যক্ষ কৰে।
তেতিয়াই আৰক্ষীৰ দলটোৱে গাড়ীখনত তালাচী চলাই চেলু টেপৰে মুখ বন্ধ কৰি থোৱা ৮ টা ছাগলী দেখা পায় আৰু তেতিয়াই জোলোঙাৰ মেকুৰি উলায় পৰেগা গাড়ীত থকা যুৱক ক্ৰমে মৰানৰ ৰাজীৱ কলিতা(২৮) আৰু ডিব্ৰুগড়ৰ গুড্ডু কৰ্মকাৰ(২৮)ক সোধ পোছ কৰাত চুৰি ছাগলী বুলি ধৰা পৰে।
পৰৱৰ্ত্তী সময়ত অধিক তথ্য লাভৰ বাবে গাড়ীসহ ছাগলী সদৰ থানালৈ আনি এক গোচৰ ৰুজু কৰা হয়। লক ডাউনৰ পূৰ্বে ডিব্ৰুগড়ৰ কোনো ছাগলী বেপাৰীক উক্ত ছাগলী বিক্ৰী কৰিবলৈ অহা বুলি ধাৰনা কৰা হৈছে। শেহতীয়াকৈ ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চলত গৰুৰ লগতে ছাগলী চোৰে সন্ত্ৰাসৰ স্বৃষ্টি কৰি আহিছে।
Comments